তাৰ্কিক অবিহনে পানীও নাখায়…

চেণ্ট্ৰেল জে’লৰ পুলিচক খাটনি ধৰিছিল চুমি বৰাই কাৰাৰুদ্ধ নাচনী চুমিৰ কাবৌ-কোকালিৰ বাবেই পুলিচে শেষত গোটাই দিছিল ২০ টকীয়া পেনকেক এটা সেইটো খুৱায়েই সিদিনা স্বামী তাৰ্কিকক চুমিয়ে কৈছিল হেপ্পী এনিভাৰ্ছেৰী মাই লাভ… কিন্তু বেতকুছিৰ সেই বিশাল দেৱালৰ ভিতৰত আজিৰ পৰা চুমি হৈ পৰিল অকলশৰীয়া ঊষাক অকলশৰীয়া কৰি ওলাই আহিল অনিৰুদ্ধস্বৰূপ তাৰ্কিক বৰা৷ ২২০০ কোটিটকীয়া কেলেংকাৰি কৰা বিশাল ফুকন আৰু তাৰ্কিকে আইনী নিয়ম অনুসৰিয়েই জামিন পালে৷ কিন্তু জামিন নাপালে চুমি বৰাই ফ্লেটৰ সোণৰ কম’ডত বহিবলৈ আৰু কিছুদিন যে চুমিয়ে অপেক্ষা কৰিব লাগিব সেয়াও হৈ পৰিল অৱধাৰিত কিন্তু মুক্তি পালেও তাৰ্কিক আৰু বিশালো থাকিব লাগিব CBIৰ নজৰত৷ তেওঁলোকে গুপ্তধন সুৰক্ষিত কৰি ৰাখিবলৈ কোনো CAৰ সহায়ো ল’ব নোৱাৰিব৷ কিন্তু জে’লৰ পৰা প্ৰিয়জনৰ বিদায়ৰ খবৰ পোৱাৰ পিছত আকৌ চুমিক লৈ বিপাঙত পৰিছে প্ৰহৰী৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি তাৰ্কিক অবিহনে জে’লত জীয়াই থাকিব নোৱাৰে বুলিয়েই সকলোকে কৈ দিছে চুমিয়ে অৱশ্যে জামিন পালেও জে’লতে থাকিব লাগিব তাৰ্কিক আৰু বিশাল। কাৰণ দুয়ো CBIৰ ডিফ’ল্ট কেছতহে জামিন পাইছে। দুখন থানাত এতিয়াও লাগিয়েই আছে গোচৰ। গতিকে অকলশৰীয়া নহয় চুমি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial