বাৰু, সকলো ঠিকেই আছে৷
সকলোৱে ঠাট্টা-মস্কৰা কৰিয়েই আছে শুকুৰ আলিক৷ কুকুৰ আলি বুলিও মিম মেটেৰিয়েল হৈছে শুকুৰ৷
কিন্তু এটা কথা, শুকুৰে কি কৰি ধন উপাৰ্জন কৰে? বহু প’ডকাষ্টক মিলিয়ন ভিউ দিয়া শুকুৰৰ উপাৰ্জনৰ উৎস কি?
আচলতে শুকুৰ ডাল-দৰিদ্ৰ৷ ধুবুৰীৰ হোটেলত বাচন ধুই শুকুৰে দুটকা আয় কৰে৷ ইতিমধ্যে পত্নীয়ে শুকুৰক এৰি গৈছে৷
শুকুৰৰ নিজা ঘৰ নাই৷ মাকো থাকে হাবিতলীয়া ঘৰ এটাত৷
হাঁহিয়াত পাত্ৰ শুকুৰৰ সম্পত্তি একোৱেই নাই৷ ছ’চিয়েল মিডিয়া ছেন্সেশ্যন শুকুৰ আলিক কেৱল সকলোৱে ব্যৱহাৰহে কৰে৷
এইবাৰ কিন্তু শুকুৰে যেন বুজি পাইছে কিছুমান কথা৷ সেয়ে চাহৰ দোকান খুলিছে তেওঁ৷
যিটো MLA হোষ্টেলত MLA হৈ সোমোৱাৰ মন আছিল, তাৰ কাষতে তেওঁ খুলিছে চাহৰ দোকান৷ গাখীৰ চাহ নিজেই বনাইছে শুকুৰে৷ মিঠাও অলপ বেছিকৈ দিছে৷
কিন্তু শুকুৰে যেন বুজি পাইছে আনবোৰৰ স্বাৰ্থ৷ সেয়ে দুপইচা ঘটিবলৈ মন মেলিছে শুকুৰে৷