শতৰুৰো এনে দুৰৱস্থা নহওক

সাত শতৰুৰো এনে দুৰ্গতি নহওক সফলতা দেৰিকৈয়ে আহক, কিন্তু বিফলতা পৃথ্বী শ্বৰ দৰে কাৰোৰে নহওঁক এসময়ত ICCয়ে পৃথ্বী শ্ব’ক পৰৱৰ্তী তেণ্ডুলকাৰ বুলি মৰ্যাদা দিছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কেৰিয়াৰৰ প্ৰথম টেষ্টতে শতক অৰ্জন কৰা পৃথ্বী শ্ব’ক ব্ৰায়ান লাৰা আৰু সেৱাগৰ দৰে বুলিও দিছিল আখ্যা কিন্তু সেই পৃথ্বী শ্ব’কেই IPL ত কোনো এটা দলে ক্ৰয় নকৰিলে। পূৰ্বে একেলগে আণ্ডাৰ-19 খেলা শুভমন গিল ১৬ কোটি টকাত গুজৰাটৰ অধিনায়ক হ’ল৷ ৰিয়ান পৰাগ ১৪ কোটিত ৰাজস্থানত , অশ্বদ্বীপ সিং ১৮ কোটিত পঞ্জাবত সোমাল৷ কিন্তু সেইটো জুনিয়ৰ দলৰে কেপ্টেইন পৃথ্বী এইবাৰ নিলামত উপেক্ষিত হ’ল আনকি তেওঁ মুম্বাই ৰঞ্জী টিমৰ পৰাও বাদ পৰিল ১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীয়েই ১ কোটি ১০ লাখ টকা পালে৷ কিন্তু পৃথ্বীক কোনেও ঘূৰিয়েই নাচালে এই দুৰ্গতিৰ বাবে কিন্তু কোনো দায়ী নহয় কাৰণ গ্লেমাৰে পৃথ্বীক ধ্বংস কৰি পেলালে৷ নিচাৰ প্ৰতি আসক্তি বাঢ়িল মডেলৰ কাৰণে উন্মাদ হৈ পৰিল আৰু শেষত গৈ আজিৰ এই অৱস্থা পালে প্ৰমাণিত হ’ল যদি সফলতা কঢ়িয়াই ফুৰাৰ শক্তি আৰু সামৰ্থ নাথাকে তেন্তে সেই সফলতা বিফলতালৈ ৰূপান্তৰিত হ’বলৈ বৰ বেছি সময় নালাগে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email