সেন্দূৰ নহয়, হিন্দু মহিলাই শিৰত লয় বীৰ্যৰ ফোট৷ বিবাহিত হিন্দু মহিলাই লোৱা পৱিত্ৰ সেন্দূৰৰ ৰেঘাক বীৰ্যৰ সৈতে এইবাৰ তুলনা কৰা হ’ল৷ বিবাহিতাই পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা পৱিত্ৰ সেন্দূৰক বীৰ্য বুলি উপহাস কৰিলে এক পাষণ্ডই৷
সেইজনৰ নাম দিলবৰ খান৷ পূজাৰ দৰে মাংগলিক অনুষ্ঠানত পূজাৰীয়ে কঁপালত লগোৱা তিলকক তেওঁ বীৰ্য বুলি ঠাট্টা কৰাৰ সাহস কৰিলে৷
শেহতীয়াকৈ এগৰাকী মহিলাই ফে’চবুকত আপলোড কৰিছিল কেইখনমান ফটো৷ য’ত তেওঁ পূজাৰ বাবে কঁপালত লোৱা তিলক প্ৰদৰ্শন কৰিছিল৷
কিন্তু সেই ফটোত মন্তব্য কৰি দিলবৰ খানে অপমান কৰিলে হিন্দুৰ উপাসনা পদ্ধতিক৷ চৰম ধৃষ্টতাৰে তেওঁ সুধিলে- কঁপালত কিয় বীৰ্য সানি লোৱা?
এই মন্তব্য কৰা দিলবৰ খানে কিন্তু শিক্ষিত বুলিয়েই নিজৰ পৰিচয় দিছে৷ শিক্ষিত পুৰুষ বুলি নিজৰ চিনাকি সদম্ভে প্ৰকাশ কৰিছে দিলবৰে৷
কিন্তু ব্যক্তিবিশেষক উপহাস কৰিবলৈ গৈ তেওঁ হিন্দু ধৰ্মক ইতিকিঙৰ সাহস দেখুৱালে৷ পূজাৰ তিলকক বীৰ্য বুলি কটাক্ষ কৰিলে দিলবৰে৷