নতুন আজমল আহি গ’ল

পুৰণি বদৰুদ্দিন আজমলৰ আছিল দাড়ি
নতুন আজমলে পিন্ধে হাৱাই চেণ্ডেল
মুঠতে বিজেপিয়ে পাই গ’ল নতুন আজমল৷ ধুবুৰীত ৰকিবুলৰ বিৰুদ্ধে আজমল ১০ লাখ ভোটত হৰাৰ পিছত ভয় খাইছিল বিজেপিয়ে৷
কিন্তু কম দিনৰ ভিতৰতে বিজেপিয়ে পাই গ’ল নতুন আজমল৷ অৱশ্যে তাৰ পূৰ্বে বিজেপিয়ে বিচাৰিছিল কাঠমোল্লা নেতা৷ কিন্তু কেবাটাও পৰীক্ষা ব্যৰ্থ হ’ল৷
তাৰ পিছত বিজেপিয়ে ফিল্ডত নমাই দিলে হাৱাই চেণ্ডেল আজমলক৷ বিজেপিৰ পইচাৰেই হাৱাই চপ্পল আজমলে নামনিত পাতিলে কেবাখনো সভা৷
এতিয়াও হাৱাই চেণ্ডেল আজমল মোনা গগৈয়ে নামনিত বিজেপিৰ বাবে কৰিয়েই আছে ৰাজনীতি৷ মুঠতে অহা নিৰ্বাচনত যাতে কোনোপধ্যে মিঞা ভোট কংগ্ৰেছে অকলে নাপাই তাৰ বাবে হাৱাই চেণ্ডেল মোনা গগৈয়ে পাতি আছে সভা৷
কংগ্ৰেছৰ সৈতে মৰ্চা কৰি তেওঁ বিজেপিৰ পক্ষেহে ৰাজনীতি কৰি আছে৷ ধুবুৰীৰ পৰা শদিয়াপৰ্যন্ত সভা পাতি টেঁটু ফালি চিঞৰিছে হাৱাই চেণ্ডেল আজমলে৷
একাংশ মিঞাৰ কংগ্ৰেছৰ প্ৰতি বিতৃষ্ণা জন্মাবলৈয়ো সক্ষম হৈছে নতুন আজমলে৷ কিন্তু তেওঁ ভাবি আছে ছদ্মবেশৰ কথা কোনেও গম নাপাব বুলি৷
পিছে তেওঁৰ বহুৰূপী চৰিত্ৰৰ কথা মৰ্চাৰ সকলো সদস্যই বুজি উঠিছে৷ এয়াই হৈছে হাৱাই চেণ্ডেল আজমলৰ চৰিত্ৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email