কিয় মাৰাত্মক ভুল কৰিছিল প্ৰফুল্ল মহন্তই

মৃত্যুৰ পিছত ৰতন টাটাক সকলোৱে স্মৰণ কৰিছে অসমৰ প্ৰতি টাটাৰ অৱদানৰ কথাও সুঁৱৰিছে৷ পিছে এইজন ৰতন টাটাৰ বিৰুদ্ধে অসম চৰকাৰে এবাৰ ৰুজু কৰিছিল দেশদ্ৰোহৰ গোচৰ সকলোৱে ভাল পোৱা অজাতশত্ৰু ৰতন টাটাৰ বিৰুদ্ধে প্ৰফুল্ল মহন্তই তৰিছিল দেশদ্ৰোহৰ গোচৰ৷
তেতিয়া আলফাই অপহৰণ কৰিছিল টাটাৰ শীৰ্ষ বিষয়াক কিন্তু আলফাৰ একো দাবীয়েই টাটাই নামানিলে৷ তাৰ পিছত আলফাৰ অসুস্থ নেত্ৰী প্ৰণতি ডেকাক মানৱতাৰ খাতিৰতে চিকিৎসা কৰাবলৈ টাটা গ্ৰুপে দায়িত্ব ল’লে সেই অনুসৰি প্ৰণতি ডেকাক দিল্লীৰ যশলোক হস্পিতেলত টাটা গ্ৰুপেই ভৰ্তি কৰিছিল চিকিৎসাৰ নিৰীক্ষণ কৰিছিল টাটা গ্ৰুপৰ অসমীয়া বিষয়া ব্ৰজেন গগৈয়ে এই খবৰ চোৰাংচোৱাৰ দ্বাৰা পাই আছিল প্ৰফুল্ল মহন্তই৷ তেওঁ ডাঁৰৰ বাতৰি ডাঁৰে ডাঁৰে লাভ কৰিছিল গতিকে নিষিদ্ধ সংগঠনৰ নেত্ৰীক চিকিৎসা কৰোৱাৰ গোচৰ তৰি ব্ৰজেন গগৈক অসম পুলিচে গ্ৰেপ্তাৰ কৰিছিল পিছে তাৰ পিছত কে’ছ ছিগিল, ব্ৰজেন গগৈও কাৰামুক্ত হ’ল৷ টাটা তাৰ পিছতো থাকি গ’ল, নাথাকিল প্ৰফুল্ল মহন্তহে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email