হাতী আৰু বান্দৰৰ মাজত অসমীয়াৰ মৰণ

এদিশে বনৰীয়া হাতীয়ে বিকট চিঞৰ মাৰিছে,আনদিশে বান্দৰৰ উৎপাত মাজতে মৰিছে অসমীয়া মানুহ৷ এতিয়াহে ৰাইজে গম পাইছে ভয়াৱহতাৰ কথা বান্দৰ বৰ্তমান কেৱল মাংসভোজীয়েই হৈ থকা নাই, বাঘৰ দৰেই আক্ৰমণাত্মকো হৈ পৰিছে আগতে মানুহ দেখিলেই বান্দৰ পলাইছিল৷ পিছে সংখ্যাবৃদ্ধিৰ পিছত খাদ্য আৰু বাসস্থানৰ অভাৱে বন্যপ্ৰাণীক উন্মাদ কৰি পেলাইছে সঘনাই মানুহৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত কাৰোলৈ কেৰেপ নকৰা হৈছে বান্দৰে এয়াই প্ৰতিপন্ন কৰি এজন লোকক কামুৰি ফালি পেলালে উন্মাদ বান্দৰে শিৱসাগৰৰ কালুগাঁৱত এই ঘটনা সংঘটিত হ’ল৷ অঞ্চলটোৰ মগৰাহাট গড়কাষৰীয়া গাঁৱৰ অমৃত বৰুৱা নামৰ লোকজনে বান্দৰ খেদিবলৈ চেষ্টা কৰিছিল পিছে তেতিয়াই উভতি ধৰি বান্দৰৰ জাকে তেওঁকে বগৰাই পেলালে লোকজনৰ কলাফুলৰ মঙহ আজুৰি লৈ গ’ল উন্মাদ বান্দৰে এই ঘটনাই পৰিস্থিতিৰ ভয়াৱহতা প্ৰতিপন্ন কৰিলে বান্দৰৰ প্ৰাকৃতিক চৰিত্ৰ সলনি হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে আনহাতে শিৱসাগৰৰ কালুগাঁৱত বিগত প্ৰায় কুৰিবছৰধৰি অব্যাহত আছে বান্দৰৰ আক্ৰমণ ঘৰতে পাচলি খেতিও কৰিব নোৱাৰা গঞাই সকলো সামগ্ৰী কিনিয়েই পেট প্ৰৱৰ্তন কৰিছে জলকীয়া এডালো ঘৰত ৰুব নোৱাৰাৰ ফলতে অৰ্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছে গঞাৰ সমান্তৰালকৈ উজনিৰ প্ৰায়বোৰ জিলাতে বৃদ্ধি হৈছে বান্দৰৰ উৎপাত হয়তো আৰু কিছুদিন পিছত মানুহক উলিয়াই ঘৰো বান্দৰেই দখল কৰিব

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email