এইটোৱেই পাৰৰ দাম বঢ়াৰ কাৰণ

পাৰ চৰাইৰ মাংসৰে এসাঁজ খাও বুলিলে বৰ্তমান খৰচ কৰিব লাগে কমেও ৪৫০ টকা মাংসৰ চাহিদা যিমানেই বাঢ়িছে, সিমানে বেছি হৈছে পাৰ চৰাইৰ দাম প্ৰায় এবছৰ আগলৈ এযোৰ কুমলীয়া পাৰৰ বজাৰত দাম আছিল সৰ্বাধিক ৩০০ টকা ভিন্নস্থানৰ বজাৰত ২০০ টকা যোৰাতো পাৰ কিনিবলৈ পোৱা গৈছিল একণীয়া পাৰ ১০০ টকাতো বিক্ৰী হৈছিল৷ পিছে হঠাতে পাৰৰ দাম বহুগুণে বৃদ্ধি পালে বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজে পাৰ পুহিবলৈ বাদ দিয়াৰ পৰাই দাম বাঢ়িলে৷ পূৰ্বে অসমৰ গাঁৱৰ প্ৰতিঘৰ লোকেই পুহিছিল পাৰ চৰাই গ্ৰামাঞ্চলৰ ঘৰত পাৰ চৰাই পোহাটো নিয়মৰ দৰেই আছিল কিন্তু এতিয়া হেপা অথবা নেউলৰ উৎপাতত কোনেও পাৰ পুহিব নোৱাৰে কণী ফুটাৰ পিছতে সজাৰ পৰাই পাৰ পোৱালি থপিয়াই নিয়ে কাউৰীয়ে এই উপদ্ৰৱৰ অৱশ্যে কাৰণ আছে৷ আগতে পথৰ দাঁতিত থকা অসংখ্য গছ-গছনি আছিল বনৰীয়া জীৱৰ বাসস্থান তদুপৰি কাউৰী-শেন আদি চৰায়েও গছবোৰৰ পোক-পৰুৱা খায়েই ক্ষুধা পূৰণ কৰিছিল পিছে গছবোৰ কাটি পেলোৱাৰ ফলত নেউল-হেপা আদিৰ বাসস্থান নোহোৱা হ’ল৷ কাউৰীজাতীয় চৰায়েও খালৈ একো নোপোৱা হ’ল৷ ফলত বন্যপ্ৰাণীয়ে লক্ষ্য কৰি ল’লে প্ৰতিপালিত পাৰ অথবা কুকুৰাক এই কথাটোৰ বাবেই অসমত চাহিদাৰ তুলনাত পাৰ চৰাইৰ সংখ্যা হ্ৰাস পাইছে ফলত বাঢ়িছে দাম

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email