দৰিদ্ৰই মাহে দিব লাগে ৩ হাজাৰ টকা

দৰমহাৰ উপৰি এমাহত অতিৰিক্ত লাখ লাখ বাহিৰা পইচা ঘটিছে ডাক বিভাগ ইন্সপেক্টৰে কিন্তু তেওঁলোকেই আচলতে পেটত গোৰ মাৰিছে অসমৰ যুৱকৰ বহুদিনৰ পৰা চলি থকা ছিণ্ডিকেটৰ বিস্তাৰিত তথ্য আমি লাভ কৰিছোঁ দৰাচলতে ৰাজ্যৰ বিভিন্ন ডাকঘৰত খালী হৈ থকা পদত নিবনুৱা যুৱকক অস্থায়ীভাৱে মকৰল কৰা হয় সেইসকলে দৰমহা পোৱাৰ নিৰ্দিষ্ট নিৰিখ নাই৷ যিজন স্থায়ী বিষয়াৰ অৱসৰৰ পিছত ঠিকাভিত্তিক চাকৰি পাইছে সেইজন বিষয়াৰ পূৰ্বৰ দৰমহাৰ অনুপাতত অস্থায়ী কৰ্মীজনক দৰমহা দিয়া হয় সেই পদসমূহক প’ষ্ট অফিচৰ ভাষাত কোৱা হয় লিভ ভেকেণ্ট বুলি৷ কিন্তু লিভ ভেকেণ্ট হিচাপে যিসমূহ যুৱক-যুৱতীয়ে চাকৰি কৰি আছে তেওঁলোকে নিজৰ ডিভিজনৰ ইন্সপেক্টৰক মাহিলী দিব লাগে দৰমহাৰ এটা অংশ ৩ৰ পৰা ৫ হাজাৰ টকা সেইসকল অস্থায়ী কৰ্মচাৰীয়ে ইন্সপেক্টৰক দিবই লাগিব এটা ডিভিজনত বৰ্তমান ৩০ৰ পৰা ৪০ জন অস্থায়ী কৰ্মচাৰী আছে৷ গতিকে সেইসকলে মাহিলী ইন্সপেক্টৰক দি আছে চান্দা এই ছিণ্ডিকেটৰ প্ৰকোপ যোৰহাটত সৰ্বাধিক৷ জিলাখনৰ ডাকঘৰত চলি থকা ইন্সপেক্টৰৰ গুণ্ডামীৰ সবিশেষ তথ্য বৰ্তমান আমাৰ হাতত পৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial