ডুবাইৰ পৰা অসমীয়াক সহায়

মানৱ দৰদী স্বভাৱেৰে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে মৌলানা মুস্তাক আনফৰ ডুবাইত পাৰফিউমৰ ব্যৱসায় কৰি অজস্ৰ ধন উপাৰ্জন কৰা হোজাইৰ আনফৰে দৰিদ্ৰৰ প্ৰতি অকৃপণভাৱে আগবঢ়াইছে সহায়ৰ হাত সাম্প্ৰদায়িকতাৰ বিষাক্ত বতাহৰ সময়তো মৌলানা আনফৰ হৈ পৰিছে এছাটি মৃদু বতাহৰ দৰে অসম জমিয়তৰো এটা ফৈদৰ সভাপতি মৌলানা আনফৰে কোনো সহায়প্ৰাৰ্থীকো বিমুখ কৰা নাই অসমৰ বিভিন্ন সহায়প্ৰাৰ্থীক তেওঁ ধনেৰে সহায় কৰিছে শেহতীয়াকৈ এগৰাকী যুৱতীয়ে সংক্ৰমণজনিত ৰোগৰ বাবে প্ৰায় ৪ লাখ টকা চিকিৎসা সাহায্য বিচাৰি আনফৰৰ সৈতে যোগাযোগ কৰিছিল বহুতৰে পৰা সহায় বিচাৰি বিমুখ হোৱাৰ পিছত তেওঁ আনফৰক বিচাৰিছিল ধন কিন্তু এটা ফোনতে সমুদায় ধন দিম বুলি প্ৰতিশ্ৰুতি দি দিলে আনফৰে কেৱল তেওঁকে নহয়, আনফৰে বহুতকে কৰিছে সহায় ডুবাইত উপাৰ্জন কৰা ধনেৰে তেওঁ দৰিদ্ৰক সহায় কৰিছে যোৱা এবছৰৰ পৰা আনফৰে হিন্দু-মুছলমান বহুতকে আৰ্থিকভাৱে সহায় কৰাৰ খবৰ আমি লাভ কৰিছোঁ দৰিদ্ৰ জনতাৰ বাবে আনফৰ হৈ পৰিছে দেৱদূতৰ দৰে৷ তেওঁ ৰক্ষা কৰিছে দুখীয়াৰ প্ৰাণ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial