ফুটব্ৰীজে বিপদ ঘটাইছে

ৰাস্তাবোৰ ঠেক কৰি চৰকাৰে য’তে ত’তে সাজিছে ফুটব্ৰীজ এইবোৰ কিন্তু সম্পদ নহয়, আপদ হিচাপেহে পৰিগণিত হৈছে শেহতীয়াকৈ খানাপাৰাত যি মৰ্মান্তিক দুৰ্ঘটনা ঘটিল, তাৰ মূল কাৰণ আচলতে আপদীয়া ফুটব্ৰীজেই তীব্ৰগতিত উৰি যোৱা গাড়ীয়ে ফুটব্ৰীজত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হ’ল কেৱল এয়াই নহয়, গুৱাহাটীত কেবাটাও দুৰ্ঘটনাৰ কাৰণ হৈছে অপৰিকল্পিত ফুটব্ৰীজ আচলতে এই ধৰণৰ অদৰকাৰী দলং সজাৰ ফলত ৰাস্তা মাজতে ঠেক হৈ পৰিছে বহল ৰাস্তাৰ এছোৱা অধিকাৰ কৰি সজা হৈছে ফুটব্ৰীজ৷ এই সমস্যাতো ৰাজ্যৰ আন চহৰতো পৰিলক্ষিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজতে সজা ফুটব্ৰীজখনে ঠেক কৰি পেলাইছে পথতো ফলত সেইখিনিতে গাড়ী পাৰ হ’ব নোৱাৰা পৰিস্থিতিৰো সৃষ্টি হৈছে৷ তদুপৰি নিৰ্মাণৰ কিছুদিনৰ পিছতে নচলা হৈছে ফুটব্ৰীজৰ এস্কেলেটৰ ফলত কেৱল ফুলদানীৰ দৰেহে হৈ আছে ফুটব্ৰীজ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial