ধান পকিছে, কিন্তু কাটিব পৰা নাই৷ পকা ধানৰ থোক পথাৰতে সৰি যোৱাৰ উপক্ৰম হৈছে৷ পথাৰত নমা লোককেইজনেও পিন্ধিবলগীয়া হৈছে বুটজোতা৷ এই দৃশ্য বৰ্তমান শোণিতপুৰ জিলাত সূলভ হৈ পৰিছে৷ পথাৰত গঞা নামিছে বুটজোতা পিন্ধি৷ ধান কাটিবলৈ দাৱনীয়েও হাতমোজাপৰ্যন্ত পিন্ধিবলগীয়া হৈছে৷ একেদৰে হাজিৰা কৰা শ্ৰমিকেও পিন্ধিছে ডাঠ বস্ত্ৰ৷ কাৰণ পথাৰতে লুকাই আছে ৰাছেল ভাইপাৰ মাৰাত্মক সৰ্পবিধ ধানৰ মাজত সোমাই আছে৷ সেয়ে আগতীয়া ধান কাটিবলৈ পথাৰত নামিব পৰা নাই খেতিয়ক অলপতে বিহগুৰিত আকৌ
ৰাছেল ভাইপাৰ উদ্ধাৰ হৈছিল তাৰ পিছতে প্ৰশাসনে খেতিয়কসকলক পথাৰত সাৱধানে নামিবলৈ আহ্বান জনাইছিল তদুপৰি সতৰ্ক হৈ থকাৰ আহ্বান জনাইছিল সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়েও সেইবাবে ভীতিগ্ৰস্ত হৈ পৰিছে শোণিতপুৰৰ খেতিয়ক৷ তেওঁলোকে এজাপ কাপোৰ পিন্ধি পথাৰত নামিছে৷ হাতমোজা পিন্ধিহে ধৰিবলগীয়া হৈছে কাঁচি