কেচুৱাই কন্দা যেনেই লাগিব

ক্ৰায়িং বেবী নামৰ চৰাইটোৰ মাত শুনিলে আচৰিত নোহাৱাকৈ থাকিব নোৱাৰিব৷ ভাৰতত চৰাইবিধ অৱশ্যে পোৱা নাযায়৷ কিন্তু এইবিধ চৰাইৰ মাত সাইলাখ শিশুৰ কান্দোনৰ দৰে৷ জন্মৰ পিছতে শিশুৱে যেনেকৈ কান্দে তেনেকৈয়ে মাতে ক্ৰায়িং বেবী চৰায়ে৷
ময়ূৰৰ আকৃতিৰ আন এটা প্ৰজাতিৰ চৰাইৰ নাম হৈছে টয় লেজাৰ গান৷ এইবিধ চৰায়ে মতা শুনিলেই আপোনাৰ গুলী ফুটাৰ দৰেই লাগিব৷ পুতলা বন্দুকে যেনেকৈ শব্দ কৰে তেনেদৰেই মাতে টয় লেজাৰ গান নামৰ পক্ষীবিধে৷
বিদেশত কেমেৰা শ্বাটাৰ বুলিও এবিধ চৰাই আছে৷ যাৰ মাত হৈছে কেমেৰাৰ শ্বাটাৰ টিপাৰ দৰে৷ কেমেৰাত ক্লিক কৰিলে যি শব্দ হয়, তেনেকৈয়ে মাতে এইবিধ চৰায়ে৷
আন এবিধ চৰাইক কাৰ এলাৰ্ম বুলি নামকৰণ কৰা হৈছে৷ কাৰণ চেণ্ট্ৰেল লকৰ গাড়ীত স্পৰ্শ কৰিলে যি শব্দ হয় তেনেকৈয়ে মাতে চৰাইবিধে৷
কৰতৰ দৰে মতা এবিধ চৰাই হৈছে হেণ্ড শ্ব’৷ কাঠৰোকাৰ আকৃতিৰ বিদেশী পক্ষীবিধৰ মাতটো কৰতৰে কাঠ কাটি থকাৰ দৰেই৷ যাৰ বাবে সেইবিধ চৰাইৰ নাম হেণ্ড শ্ব’৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email