কি বিক্ৰী হৈছে এইবোৰ!

কোনে কৈছে অসমত কিতাপ বিক্ৰী নহয়
অসমত এতিয়াও কিতাপ বিক্ৰী হয়, কিন্তু সেইবোৰ হৈছে নিষিদ্ধ কিতাপ
বৰ্তমান প্ৰয়োজন নামৰ এখন কিতাপ গুৱাহাটীৰ পথৰ কাষৰ দোকানীয়ে বিক্ৰী কৰিছে৷ সেইখনত আছে নিষিদ্ধ যৌন কাহিনীৰ বিৱৰণ৷ পুৰুষ লেখকে কিতাপখনত দিছে সম্পৰ্কীয় মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বৰ্ণনা৷
সেইদৰে মোৰ সম্পৰ্কৰ কাহিনী নামৰ কিতাপখনো এচাম গ্ৰাহকে ক্ৰয় কৰিছে৷ সচৰাচৰ গুৱাহাটীৰ যিবোৰ দোকানত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কিতাপ বিক্ৰী কৰা হয় সেইবোৰতে এইবোৰ উপলব্ধ হৈছে৷
গোপনীয়তাৰ চৰ্তত দোকানীয়ে আমাক জনোৱা মতে যৌন কাহিনীৰ এখন কিতাপৰ দাম হৈছে ৪০ টকা৷ কিন্তু সেইবোৰ বেচিলে তেওঁলোকে ৩০ টকা পৰ্যন্ত লাভ কৰিব পাৰে৷
অৱশ্যে পূৰ্বৰ তুলনাত নিষিদ্ধ গ্ৰন্থৰো বিক্ৰী কমিছে৷ এতিয়া ইণ্টাৰনেটতে যৌন আখ্যান পঢ়ি অতৃপ্ত কামনা পূৰ্ণ কৰিছে এচাম লোকে৷
অসম ছেক্স ষ্ট’ৰী (মাজে মাজে বীপ বীপ কৰি দিব) ব্ল’গটোতে সদায় আপলোড কৰা হৈছে নিষিদ্ধ আখ্যান৷ এইবোৰৰ পাঠকো আন ব্ল’গৰ তুলনাত বেছি বুলি আমি জানিব পাৰিছোঁ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email