মূৰ্তি কেইটামান সজাই থোৱা আছে, কিন্তু নেপথ্যত চলি আছে জুৱা৷
ৰাসৰ নামত চলিছে লটাৰী৷ ব্ৰহ্মপুত্ৰৰ বালিচৰত কেৱল জুৱা চলিছে ৰাসৰ বতৰত৷
শুৱালকুছিৰ ৰাস হৈ পৰিছে জুৱাৰীৰ ঘাটী৷ গুৱাহাটীৰ দাঁতি-কাষৰীয়া অঞ্চলটোত বৰ্তমান ৰাস চলি আছে৷ কিন্তু অসমৰ মানচেষ্টাৰৰ মৰ্যাদা ধূলিস্যাৎ কৰিছে জুৱাৰ আড্ডাই৷
আচলতে ৰাসৰ নামত শুৱালকুছিত পতা হৈছে জুৱা৷ ৰাজ্যৰ আন স্থানৰ দৰেই শুৱালকুছিৰ ৰাসৰো সুকীয়া ঐতিহ্য আছে৷
বহুদিনীয়া ৰাসখন উপভোগ কৰিবলৈ সমগ্ৰ শুৱালকুছিৰে লোকৰ সমাগম ঘটে৷ ৰাসৰ বাবে অনুষ্ঠিত হয় মেলা৷ কিন্তু আয়োজকৰ বাবে ৰাস মানেই হৈছে জুৱা৷
জুৱাৰ আয়োজন কৰিবলৈ সুবিধা প্ৰদান কৰি শুৱালকুছিৰ ৰাসৰ আয়োজকে মোটা অংক উপাৰ্জন কৰে৷ ব্ৰহ্মপুত্ৰৰ বালিচৰত তেওঁলোকে কেৱল লটাৰী আৰু জুৱা খেলাই লাখ লাখ টকা আয় কৰে৷
এইবাৰ শুৱালকুছিৰ ৰাসত বাঢ়িছে জুৱাৰীৰ আড্ডা৷ স্থানীয় লোকৰ আপত্তিয়েও কামত দিয়া নাই৷ স্থানীয় আৰক্ষীয়েও জুৱাৰীৰ পৰা কৰিছে কালেকশ্যন৷