বৃন্দাবন আলোড়িত কৰি ৰাধাই নাচিছে৷ আপোন পাহৰা ৰাধাই নয়ন ভৰি চাইছে কৃষ্ণক৷ মৰাণৰ ধেমেচিত শৰতৰ বিতোপন ৰাত্ৰি ধ্যানী মহন হৈ পৰিল অজস্ৰ গোপীৰ মাজতো জিলিকি থকা ৰাধা৷ মন্ত্ৰী পিতৃ যোগেন মহনৰ বাহিৰেও নিজৰ পৰিচয় অৰ্জন কৰা ধ্যানীয়ে আপোনপাহৰা হৈ মাত্ৰ নাচিলে৷
সুন্দৰী অভিনেত্ৰী ধ্যানীক নচুৱাবলৈ ধেমেচীৰ কৃষ্ণই বজালে মোহনবাঁহী৷ বৃন্দাবনত ধ্যানীয়ে কৃষ্ণৰ সংগে নৃত্য কৰি কৰিও ভাগৰি নপৰিল৷
কেবাখনো চিনেমাত অভিনয় কৰা ধ্যানীয়ে ধেমেচীৰ দৰ্শকক নিৰাশ অৱশ্যেই নকৰিলে৷ ৰাধাৰ সাজেৰে পৰিপূৰ্ণ হৈ পৰা ধ্যানীয়ে কৃষ্ণক আকৰ্ষণৰ উদ্দেশ্যে কৰিলে নৃত্য৷
কৃষ্ণৰ মোহনবাঁহীৰ সুৰে অৱশ্যে ধেমেচীৰ ৰাধাক মতলীয়া কৰিলে৷ ৰাধাৰূপী ধ্যানীয়েও ঠিকেই কৰিলে প্ৰেম নিবেদন৷
তেওঁক চাবলৈয়েই ধেমেচীৰ ৰাসত ভিৰ কৰিলে দৰ্শকে৷ মন্ত্ৰীৰ জীয়েকৰ পৰিচয় এৰি ৰাসত নচা ধ্যানীয়ে কমনীয় দেহবল্লৰীৰে কৰিলে নৃত্য৷
আকৰ্ষণীয় দেহসৌষ্ঠৱৰ অধিকাৰী ধ্যানীয়ে পূৰ্ণিমাৰ পোহৰত কৃষ্ণক কৰি তুলিলে মৰম আকলুৱা৷