কেৱল ডিব্ৰু-ছৈখোৱাতে নহয়, লামডিং সংৰক্ষিত বনাঞ্চলতো আশাপ্ৰদ হাৰত বাঢ়িছে বনৰীয়া ঘোঁৰা৷ অসমৰ জৈৱ-বৈচিত্ৰক নতুন মাত্ৰা প্ৰদান কৰি ঘোঁৰাৰে ভৰি পৰিছে অৰণ্যখন৷
মাত্ৰ কেইবছৰমানৰ ভিতৰতে লামডিং সংৰক্ষিত বনাঞ্চলৰ বন-ঘৰচীয়া ঘোঁৰাৰ সংখ্যা কেবাশলৈ বৃদ্ধি হৈছে৷ বন্য পৰিৱেশত থকা ঘোঁৰাই আকৰ্ষণ কৰিছে পৰ্যটকক৷ বংশবৃদ্ধি ঘটোৱা ঘোঁৰাৰ সংখ্যা হাজাৰোধিক বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে৷
কিন্তু এই ঘোঁৰাবোৰ আগতে আছিল ঘৰচীয়া৷ লামডিং সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি ভিতৰত বসতি স্থাপন কৰিছিল মিঞা লোকে৷ কিন্তু তিনিবছৰ পূৰ্বে বনাঞ্চলৰ পৰা লোকসকলক উচ্ছেদ কৰা হ’ল৷
তাৰ পূৰ্বে সেই ঘোঁৰাবোৰ স্থানীয় লোকে মাল টনা গাড়ীত ব্যৱহাৰ কৰিছিল৷ ঘোঁৰাগাড়ীৰে মাল কঢ়িয়াইছিল সেইসকল লোকে৷
উচ্ছেদৰ পিছত মালিকে পোহনীয়া ঘোঁৰা বনাঞ্চলতে মেলি দিলে৷ তাৰ পিছতে লামডিং সংৰক্ষিত বনাঞ্চলৰ বাসিন্দা হৈ পৰিল মিঞাৰ ঘোঁৰা৷
এতিয়া সেই ঘোঁৰাবোৰ হৈ পৰিছে বন-ঘৰচীয়া৷ অৰণ্যৰ শোভাবৰ্ধন কৰিছে বন-ঘৰচীয়া ঘোঁৰাই৷