তেলৰ বাবে খান্দিবই

ৰাইজক প্ৰতিবাদ কৰাত ব্যস্ত ৰাখিলে চৰকাৰে৷ কিন্তু তাৰ মাজতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰিলে খননকাৰী বেদান্তৰ প্ৰতিনিধি দলে৷ পৰিৱেশ সংবেদনশীল এলেকাত তেল আৰু গেছ খননৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ বাবে স্থগিত ৰখা হৈছিল৷ হোলোঙাপাৰ গিবন অভয়াৰণ্যত তেল বিচাৰিবলৈ বেদান্তক কিন্তু মৌখিক অনুমতি দি দিয়া হৈছে৷ কিন্তু মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজত তেল খননৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বেদান্তৰ অধীনস্থ কেয়াৰ্ন ইণ্ডিয়াই৷ শেহতীয়াকৈ বেদান্তৰ বিষয়াৰ প্ৰস্তাৱিত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত উপস্থিত হয়৷ তেওঁলোক খননস্থলী পৰ্যবেক্ষণ কৰে৷ দলটোৱে স্থানীয় ভিলেজ কাউঞ্চিল আৰু প্ৰশাসনৰ লোকৰ সৈতেও মত বিনিময় কৰে৷ জানিব পৰা মতে, বেদান্ত বিষয়াৰে গঠিত দলটো দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নগা অধ্যুষিত অঞ্চলৰ আকাহিকা গাঁওখনলৈ ৰাওনা হৈছিল৷ কিন্তু মৰিয়নিৰ আৰক্ষীৰ লগতে যোৰহাট আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰি দলটোক আগুৱাই নিবলগা লয়৷ আনহাতে, দলটোৱে আকাহিকা নামৰ নগা গাঁওখনলৈ গৈ স্থান পৰিদৰ্শন কৰে৷ তাৰ লগতে তেওঁলোকে ড্ৰ’ন কেমেৰাৰ সহায়তো স্থান পৰিদৰ্শন কৰে৷ ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ ভয়তে দলটো ততাতৈয়াকৈ আঁতৰি গৈছে৷ কিন্তু দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত তেল খনন কৰিবলৈ বৰ্তমান সাজু হৈছে বেদান্তৰ কেয়াৰ্ন ইণ্ডিয়া৷ যোৰহাট বন সংমণ্ডলৰ অন্তৰ্গত আৰু মৰিয়নি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনস্থ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বৰ্তমান নাগালেণ্ডৰ দখলত থকা আকাহিকা বস্তিত তেল খনন কৰিব বুলি এক সূত্ৰই জানিবলৈ দিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial