হাতীৰ তাণ্ডৱ কেনেকৈ ৰোধ কৰিব পাৰি?
এই প্ৰশ্নৰেই উত্তৰ দিছে নগাঁৱৰ চাপানলাৰ দুলু বৰা আৰু মেঘনা হাজৰিকা নামৰ দুগৰাকী প্ৰকৃতিপ্ৰেমীয়ে৷ হাতীখুলী পাহাৰত হাতীবন্ধু নামৰ সংগঠন আৰু ৰাইজৰ সহায়ত তেওঁলোকে নেপিয়াৰ ঘাঁহ আৰু নামনিত এশ বিঘা ধানৰ খেতি কৰিলে৷
ফলত হাতীখুলীৰ পৰা গাঁৱৰ পথাৰত নোসোমোৱা হ’ল হাতীবোৰ৷ আগৰ দৰে হাতীলৈ ভয় নকৰা হ’ল নগাঁৱৰ চাপানলাৰ ৰাইজে৷
পূৰ্বে হাতীখুলি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে জনাঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছিল৷ কিন্তু মাজে সময়ে খেদি দিয়াৰ বাবে সমস্যাৰ সমাধানৰো পথ উদ্ভাৱন কৰিব পৰা নাছিল বন বিভাগে৷ পিছে চৰকাৰে কৰিব নোৱাৰা কাম সমাপন কৰিলে স্থানীয় লোকে৷
হাতীখুলি পাহাৰত নেপিয়াৰ ঘাঁহ আৰু ধান খেতি কৰাৰ পিছত পাহাৰতে থাকিবলৈ লৈছে হাতীৰ জাকটো৷ পেটৰ ভোক পূৰণ হৈছে যেতিয়া নামনিলৈ নামি অহাৰো কোনো কাৰণ নাই৷
গতিকে চাপানলাৰ ৰাইজ হাতীৰ আতংকৰ পৰা মুক্ত হৈছে৷ তেওঁলোকে সুকলমে কৰিছে খেতি৷ হাতীয়ে পাহাৰতে খাদ্য লাভ কৰাৰ বাবে সংঘাত মৰিষণ হৈছে৷ এই ঘটনাই প্ৰকাশ কৰিছে হাতী-মানুহৰ বন্ধুত্বৰ কাহিনী৷