ইউনাইটেড মুছলিম ফ’ৰাম অৱ আছাম
ৰাজ্যত নতুনকৈ স্থাপিত হৈছে এইটো সংগঠন৷ মুছলমান জনতাক একত্ৰিত কৰিবলৈ এদল সংখ্যালঘু নেতাই সংগঠনটো গঠন কৰিছে৷
ৰাজনৈতিক দলে যাতে ৰাজ্যৰ মুছলমানক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে দৰং জিলাত গঠন কৰা হৈছে এইটো সংগঠন৷
ৰাজ্যত বৰ্তমান থকা সকলো মুছলমান সংগঠনকে ইউনাইটেড মুছলিম ফ’ৰাম অৱ আছামৰ আধীনস্থ কৰিবলৈ অনাগত সময়ত চেষ্টা চলোৱা হ’ব৷
অৱশ্যে বৰ্তমানলৈ আমছু, মুছা আদি সংগঠনে ইউনাইটেড মুছলিম ফ’ৰাম অৱ আছামৰ অধীনত সোমাবলৈ মান্তি হোৱা নাই৷ কিন্তু মিঞা জনতাক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰথমে এইটো সংগঠন গঠন কৰা হৈছে৷
কিন্তু লাহে লাহে এই সংগঠনটোৱে ৰাজনৈতিক দলৰ ৰূপ ধাৰণ কৰিব৷ যিহেতু বদৰুদ্দিন আজমলৰ AIUDFৰ শক্তি হ্ৰাস পাইছে সেয়ে সংগঠনটো গঠন কৰা হৈছে৷
অনাগত সময়ত প্ৰথমে নগাঁও আৰু ধুবুৰীত এই সংগঠনটোৱে ৰাজনৈতিক কাৰ্যক্ৰম আৰম্ভ কৰিব৷ বদৰুদ্দিন আজমলৰ দৰেই মৌলবীক পতা হ’ব সংগঠনটোৰ সভাপতি৷