বিপৰ্যয়ৰ বতাহে উৰুৱাই লৈ গ’ল ৫০ লাখ কোটি টকা৷ আগলি বকৰা অবিহনে বলিবলৈ ধৰা ধুমুহাই লঠঙা গছৰ দৰে কৰি থৈ গ’ল অজস্ৰ বিনিয়োগকাৰীক৷ তিনিদিনৰ অন্তত শ্বেয়াৰ বজাৰৰ দুৱাৰ খোলাৰ পিছত এনে প্ৰলয়ৰ সূচনা হ’ল যে মুহূৰ্ততে হেৰাই গ’ল বহুতৰ মূলধন৷
ষ্টক একচেঞ্জত বিনিয়োগ কৰি চহকী হ’ম বুলি ভবাসকলৰ সৰ্বস্ব কাঢ়ি লৈ গ’ল দুৰ্যোগৰ তাণ্ডৱে৷ আজি বজাৰৰ আৰম্ভণিতে ব’ম্বে ষ্টক একচেঞ্জৰ মুঠ মূলধন আছিল ৪২৮.৬৭ লাখ কোটি টকা৷ এই হাৰ ছেপ্টেম্বৰৰ সৰ্বোচ্চ উত্থানৰ তুলনাত আছিল বহুলাংশে কম৷ পিছে পুনৰাই সূচকাংক ঊৰ্ধ্বমুখী হোৱাৰ কামনা কৰি বিনিয়োগকাৰীয়ে চন্দুক উবুৰিয়াই আজি বিনিয়োগ কৰিছিল৷
কিন্তু ৮৫ হাজাৰৰ পৰা অৱনমিত হৈ আজি ৭৭,২৩৯তে ৰৈ গ’ল বি এছ ই ছেনছেক্স৷ অনুৰূপ অৱস্থাৰে পতিত হ’ল নেশ্যনেল ষ্টক একচেঞ্জ৷ শ্বেয়াৰ বজাৰৰ ভাষাৰে ক’বলৈ গ’লে আজি বিয়েৰ গেঙৰ আক্ৰমণত ধৰাশায়ী হৈ পৰিল বিগ বুল৷ পিছে এই দুৰ্গতিৰ অৱসানৰহে ৰেঙনি দেখা নাই বিনিয়োগকাৰীয়ে৷ বৰ্তমান বজাৰৰ অৱনমনৰ মূল কাৰণ হৈ পৰিছে ড’নাল্ড ট্ৰাম্পৰ বিজয়৷ ভাবী ৰাষ্ট্ৰপতিয়ে মাৰ্কিন প্ৰশাসন পৰিচালনাৰ খৰচ হ্ৰাস কৰিম বুলি কৰা ঘোষণাই ভীতিগ্ৰস্ত কৰিছে বিনিয়োগকাৰীক৷
ছুপাৰ পাৱাৰ দেশখনৰ অৰ্থনৈতিক পলিচী সলনি হোৱাৰ ভয়ত গোলকীয় ব্যৱসায়ী ইমানেই ভীতিগ্ৰস্ত হৈ পৰিছে যে সকলোৱে স্বদেশলৈ উঠাই লৈ গৈছে পইচা৷ কেবাখনো যুদ্ধৰ বাবে সোণৰ আন্ত:ৰাষ্ট্ৰীয় সৰবৰাহো সীমিত হৈ পৰিছে৷ সেয়ে কমিছে ধনৰ লেনদেন৷ কিন্তু প্ৰধানত: ট্ৰাম্পৰ বিজয়ৰ বিষক্ৰিয়া বজাৰত মাৰ যোৱাই নাই৷ ভাৰতপৰ্যন্ত ভয়াৱহতা বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত এদিনতে হৈছে ৫০ লাখ কোটি টকা লোকচান৷ এই কথাই স্বাভাৱিকতে দেশৰ অৰ্থতন্ত্ৰক কৰিছে প্ৰভাৱিত৷