হনুমান চালিছা, নাৰায়ণ কবচ আৰু মুখলগা ভঙা মন্ত্ৰ পুথি
এইকেইখনেই গ্ৰন্থমেলাবোৰত সৰ্বাধিক বিক্ৰী হোৱা কিতাপ৷ অৱশ্যে কীৰ্তন আৰু গুণমালাও বিক্ৰী হৈছে৷ কিন্তু ধৰ্মগ্ৰন্থ বিক্ৰী কৰা প্ৰতিষ্ঠানত সৰ্বাধিক বিক্ৰী হৈছে মুখ লগা ভঙা মন্ত্ৰ পুথিখন৷
বিশেষকৈ চহৰৰ এলেকাত অনুষ্ঠিত গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হৈছে এইখন পুস্তিকা৷ কেবাগৰাকী গ্ৰন্থ বিক্ৰেতাৰ পৰা আমি লাভ কৰা খবৰ অনুসৰি তেওঁলোকেও মুনাফাৰ আশাত মুখ লগা ভঙা মন্ত্ৰপুথি দোকানত ৰাখিছে৷
এই ধৰণৰ এখন পুস্তিকা ৪ টকাতে প্ৰিণ্ট কৰিব পাৰি৷ কিন্তু বিক্ৰী কৰিব পাৰি প্ৰায় ২০ টকাত৷ সেয়ে লাভৰ পৰিমাণ অধিক৷
একেদৰে গুণমালা বিক্ৰী কৰিও অধিক লাভ আদায় কৰিব পাৰি৷ গ্ৰন্থমেলাত ধৰ্মীয় কিতাপ বিক্ৰেতা প্ৰতিষ্ঠানে নাৰায়ণ কৱচ আৰু হনুমান চালিছাও অৱশ্যে সৰহীয়াকৈ বিক্ৰী কৰিছে৷
আমি লাভ কৰা খবৰ অনুসৰি শেহতীয়াকৈ ভিন্নপ্ৰান্তত হৈ থকা অসম গ্ৰন্থমেলাতো সৰ্বাধিক বিক্ৰী হৈছে মুখ লগা ভঙা মন্ত্ৰপুথি আৰু হনুমান চালিছা৷
অৰ্থাৎ গ্ৰন্থমেলালৈ ৮০ শতাংশ লোক কিতাপ কিনিবলৈ যোৱা নাই৷ সাহিত্যিকৰ গ্ৰন্থ ক্ৰয়ো তেওঁলোকৰ উদ্দেশ্য নহয়৷
একেদৰে ছুলেইমানী তাবিজৰ কিতাপো কেবাখনো দোকানে বিক্ৰী কৰিছে৷ সেইখনো কিনিছে গ্ৰাহকে৷