লাওলোৱা অৱস্থা হৈছে অসম চাহ নিগমৰ৷ তলি উদং হোৱাৰ কাৰণে চাহ নিগমে অধীনস্থ বাগিচাৰ শ্ৰমিকক বকেয়াও দিব পৰা নাই৷ দুবছৰৰ বকেয়া দিবলৈ এতিয়াও বাকী আছে৷
কিন্তু এতিয়াহে আৰম্ভ হৈছে আচল খেলখন৷
শেহতীয়াকৈ শ্ৰমিকক শীঘ্ৰে বকেয়া আদায় দিবলৈ ছুপ্ৰিম ক’ৰ্টে নিৰ্দেশ দিছিল৷ কিন্তু সেই নিৰ্দেশ পালন কৰিবলৈ নাই ধন৷
ছুপ্ৰিম ক’ৰ্টে অসম চাহ নিগমৰ ১৪ খন বাগিচাৰ শ্ৰমিকসকলক ৭০ কোটি টকাৰ বকেয়া আদায় দিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে৷ ন্যায়ালয়ে নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ পৰা ডিচেম্বৰৰ ভিতৰতে বিচাৰিছে সম্পত্তিৰ হিচাপ৷
নিৰ্দেশৰ পিছতে এতিয়া অসম চাহ নিগমত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ নিগমৰ শ্ৰমিকক ৭০ কোটি টকা বকেয়া আদায় দিবলৈ বাকী থকা অৱস্থাত ৫ খন বাগিচাও বিক্ৰী কৰিবলৈ ওলাইছে৷
পুঁজি সংগ্ৰহৰ কোনো উপায় নোহোৱাত নিগমে বাগিচা বিক্ৰীৰ বাহিৰে আন উপায় নোহোৱা হৈছে৷ কিন্তু পাঁচখন বাগিচা বিক্ৰী কৰি নিগমে পঁচিশ কোটি টকাহে লাভ কৰিব৷
৭০ কোটি টকাৰ বকেয়াৰ ২৫ কোটি টকা বাগিচা বিক্ৰীৰ জৰিয়তে উপাৰ্জন কৰিলেও কিন্তু নিগমৰ লাভ নহ’ব৷ কাৰণ অৱশিষ্ট ৪৫ কোটি টকা ক’ৰ পৰা গোটাব নিগমে তাৰ অংক মিলাব পৰা নাই৷
এই ধনখিনি গোটাবলৈ বাগিচা লীজত দিয়াৰো পৰিকল্পনা কৰা হৈছে৷ কিন্তু তথাপি মিলা নাই অংক৷