আপোনালোকৰ বাবে ধ্বংস সংবাদ মাধ্যম

দৰ্শক ৰাইজ, আপোনালোকক কৈছোঁ
এটা বিশেষ কথাৰ বাবে পোনপটীয়াকৈ আপোনালোকক সম্বোধন কৰিছোঁ
আচলতে আপোনালোক চূড়ান্ত হতাশ৷ সেইবাবে শুভ সংবাদকো আপোনালোকে ইতিবাচক মনেৰে গ্ৰহণ কৰিব নোৱাৰে৷
প্ৰিয় দৰ্শক, সংবাদ মাধ্যম এতিয়া ৰাইজৰ কাঠগড়াত উঠিছে৷ উঠাটোৱেই স্বাভাৱিক৷ কিন্তু আচলতে যিখন ৰাজ্যত বোৱাৰীৰ পলায়নৰ খবৰৰ দৰ্শক অধিক সেইখন ৰাজ্যত ৰুচিশীল বাতৰি পৰিৱেশনৰ কি দৰকাৰ আছে?
এই যে আপোনালোকে গালি পাৰে সাংবাদিক বুলি, সেইসকলো কোনো অজান গ্ৰহৰ পৰা সৰি পৰা প্ৰাণী নহয়, সেইসকলো এইখন সমাজৰে বাসিন্দা৷
যদি কোনোবা বিপথে গৈছে তেন্তে সমাজেই তাৰ বাবে দায়ী৷
বোৱাৰী পলোৱাৰ খবৰ শুনি ভাল পোৱা এচাম দৰ্শকৰ বাবেই বিপথে গৈছে সংবাদ মাধ্যম৷ আপোনালোকে বৰ্জন কৰিলেই বন্ধ হ’ব অসমত প’ৰ্টেলৰ নামত চলি থকা মধুচন্দ্ৰিকা লাইভবোৰ৷
অন্যথা আমিও ভাবিব লাগিব, কাৰ কাৰণে আমি লিখোঁ বাতৰি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial