হয়তো গৌৰৱ গগৈ দুমাহলৈ অসমতে নাথাকিব৷ ভূপেন বৰাও ভোগপুৰৰ ঘৰখনতে সোমাই থাকিব৷ হয়তো জানুৱাৰীপৰ্যন্ত ৰাইজে তেওঁলোকক নেদেখিব৷
অৱশ্যে বিজেপিৰ নেতাসকলৰ কথাও একেই৷ ৰঞ্জিত দত্তও দিল্লীৰ কোৱাৰ্টাৰতে সোমাই থাকিবলগীয়া পৰিস্থিতি শীঘ্ৰে সৃষ্টি হ’ব পাৰে৷
এই সকলোবোৰ কথাই নিৰ্ভৰ কৰিছে বিহালীৰ ফলাফলৰ ওপৰত৷ যদি বিহালীত জয়ন্ত বৰা নামৰ অপৰিচিত কংগ্ৰেছ প্ৰাৰ্থীজন পৰাস্ত হয় তেন্তে ৰাজনৈতিকভাৱে ভূলুণ্ঠিত হ’ব গৌৰৱ গগৈৰ মৰ্যাদা৷ কিন্তু পেটে পেটে ভালেই পাব ভূপেন বৰাই৷
একেদৰে দিগন্ত ঘাটোৱাৰ পৰাস্ত হ’ল ৰঞ্জিত দত্তৰো ৰাজনৈতিকভাৱে বস্ত্ৰহৰণ হ’ব৷ উত্তৰ অসমৰ ডন বুলি নিজকে ঘোষণা কৰা পদ্ম হাজৰিকাৰো নোহোৱা হ’ব ডেমাকি৷
এই শংকাই এতিয়া আটাইকেইজনকে খেদি ফুৰিছে৷ জিকিম বুলি মুখেৰে ফিতাহি মাৰি ফুৰিছে, কিন্তু ঘনিষ্ঠজনৰ ওচৰত প্ৰকাশ কৰিছে ভয়৷