সোণৰ মুকুট পৰিধান কৰি মঞ্চত উঠিল বিষ্ণু৷ খাটি স্বৰ্ণৰ মুকুট পিন্ধি দক্ষিণপাট সত্ৰৰ বিষ্ণু মঞ্চত উঠিল৷
কথাতে কোৱা হয় আউনিআটি সত্ৰ মাটিত চহকী৷ ৰাজ্যত কোনো এখন জিলা নাই, য’ত আউনিআটি সত্ৰৰ মাটি নাই৷ সৰ্বত্ৰ আউনিআটিৰ নামত পঞ্জীয়ন হৈ আছে মাটি৷
একেদৰে দক্ষিণপাট সত্ৰ আকৌ সোণত চহকী৷ অসমীয়াৰ সংস্কৃতিৰ বিজয়ধ্বজা গৌৰৱেৰে উৰুৱাই ৰখা মাজুলীৰ সত্ৰৰ আছে বিশাল সম্পদ৷
সেয়ে প্ৰতিবাৰে ৰাসত দক্ষিণপাট সত্ৰৰ বিষ্ণুৱে পৰিধান কৰে সোণৰ মুকুট৷ এই শিৰস্ত্ৰাণ কোনো স্বৰ্ণখচিত নহয়৷ দক্ষিণপাটৰ বিষ্ণুৱে পৰিধান কৰা মুকুট সম্পূৰ্ণ সোণৰ৷
গতিকে আহক ৰাইজ, একেলগে চাও আমি মাজুলীৰ ৰাস৷
কমলাবাৰী সত্ৰয়ো আড়ম্বৰপূৰ্ণভাৱে পাতিছে ৰাস৷ সকলো মিলাই মাজুলীত কিজানি অনুষ্ঠিত হৈছে ৩ শতাধিক ৰাস৷ গতিকে উদুলি মুদুলি হৈছে মাজুলীৰ পদূলি৷