ৰাজনীতি কিমান নিষ্ঠুৰ!
আপুনি ভাবিবই নোৱাৰে
ৰাজনীতি ইমানেই নিষ্ঠুৰ
এতিয়া শুনক
ৰাজনীতি ইমানেই নিৰ্দয় যে কোনো কাৰো আপোন নহয়
নিৰ্বাচমুখী মহাৰাষ্ট্ৰৰ ভতিজা ফেক্টৰেই এই কথাটো প্ৰমাণ কৰিছে৷ ২০০৬ চনত ৰাজ্যখনত প্ৰথম আৰম্ভ হৈছিল খুৰাক-ভতিজাকৰ কন্দল৷ সেইবাৰ উত্তৰাধিকাৰী হিচাপে বালাচাহেব থাকৰেই গঢ়ি তোলা ৰাজ থাকৰেই ত্যাগ কৰিছিল খুৰাকৰ সংগ৷
শিৱসেনা ত্যাগ কৰি ৰাজ থাকৰেই গঠন কৰিছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা৷ এইবাৰ ৰাজ থাকৰে বিজেপিৰ মিত্ৰ৷ কিন্তু খুৰাক বালাচাহেবে গঢ়া দল শিৱসেনা কংগ্ৰেছৰ সংগী৷
আনহাতে ২০২২ চনত আকৌ শাৰদ পাৱাৰৰ বিৰুদ্ধে ভতিজাক অজিত পাৱাৰে বিসম্বাদ আৰম্ভ কৰিছিল৷ তেওঁ আনকি দলেই বিভাজন কৰি এন চি পিৰ পৃথক ফৈদ গঠন কৰিছিল৷ তাৰ পিছত বিজেপি-সিন্দেসেনাৰ চৰকাৰৰ মন্ত্ৰী হ’ল অজিত৷
ইয়াতে খুৰাক ভতিজাকৰ কন্দল শেষ হোৱা নাই৷ বৰ্তমান অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিৰ পৰা পদত্যাগ কৰিছে সমীৰ ভুজবলে৷ তেওঁ আকৌ দলটোৰ অন্যতম শীৰ্ষনেতা চগন ভুজবলৰ ভতিজাক৷ দলৰ পৰা ওলাই সমীৰে খুৰাকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷ তেওঁ এইবাৰ নিৰ্বাচনত নিৰ্দলীয় হিচাপেও কৰিছে প্ৰতিদ্বন্দ্বিতা৷
সেইদৰে শাৰদ পাৱাৰক প্ৰতাৰণা কৰা অজিত পাৱাৰকো ভতিজাকে এসেকা দিছে৷ বাৰামতী সমষ্টিত অজিতৰ বিৰুদ্ধে থিয় হৈছে যোগেন্দ্ৰ পাৱাৰ৷ যি তেওঁৰে ভায়েক শ্ৰীনিৱাস পাৱাৰৰ পুত্ৰ৷ অৰ্থাৎ অজিতৰ বিৰুদ্ধেও প্ৰতিদ্বন্দ্বিতা কৰিছে নিজৰ ভতিজাকে৷ এককথাত ক’বলৈ গ’লে মহাৰাষ্ট্ৰৰ ৰাজনীতি হৈ পৰিছে খুৰাক-ভতিজাকৰ যুঁজ৷ সম্পৰ্কৰ ধৰ্ম পালন কৰি খুৰাকে প্ৰতিপাল কৰা ভতিজাকেই ৰাজনীতিত হৈ পৰিছে প্ৰতিদ্বন্দ্বী৷