মিঞা খেদা নেতাক অসমীয়া ব্যৱসায়ীয়ে কমিশ্যন দিব লাগে৷ এয়াই হৈছে বাস্তৱ৷ সৰু-সুৰা বেপাৰ কৰি খাই থকা বেপাৰীয়ে শৃংখল চলিহাৰ অনুগত সতীৰ্থই ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ তেওঁলোকৰ বিৰুদ্ধে গোচৰো ৰুজু হৈছে৷ আমি লাভ কৰা খবৰ অনুসৰি তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব৷ নাহৰকটীয়া আৰক্ষীয়ে অভিযুক্ত নেতাক গ্ৰেপ্তাৰ কৰিব বুলি সমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে৷ কিন্তু এইখিনিতে কেবাটাও প্ৰসংগ উত্থাপিত হৈছে৷
আমি লাভ কৰা খবৰ অনুসৰি বীৰ লাচিত সেনাৰ নেতাই নাহৰকটীয়াৰ দোকানৰ পৰা দনে ৫০ টকাকৈ কালেকশ্যন কৰিছিল৷ মাৰোৱাৰী আৰু বিহাৰী দোকানীয়েও দিছিল কমিশ্যন৷ এই চান্দাৰ আছে বছৰেকীয়া ৰেট৷ আনহাতে যোৱা কিছুদিনৰ ভিতৰত আছুৰ দুজন নেতাও গ্ৰেপ্তাৰ হৈছে৷ ইয়াৰ এজন শোণিতপুৰত গ্ৰেপ্তাৰ হৈছে নাৰী নিৰ্যাতনৰ গোচৰত৷ আনজন আছু নেতাৰ ডেম্পত চুৰি সামগ্ৰী উদ্ধাৰ হৈছে৷
অৰ্থাৎ জাতীয়তাবাদী নেতাৰ আৰম্ভ হৈছে অধঃপতন৷ এইসকল নেতায়েই আকৌ খেদিবলৈ ওলাইছিল মিঞা৷ উজনি অসম মিঞা মুক্ত কৰিবলৈ অবিযান চলোৱা নেতাই চান্দাৰ ধাণ্ডা কৰি বদনামী হৈছে৷