বান্দৰৰ উৎপাতত আনাৰসৰ আগ, কলৰ ঠোৰ একোৱেই বাকী নাথাকে৷ বান্দৰে আটাইবোৰ মোহাৰি পেলায়৷
বান্দৰে পকা ধান নাখায় কিন্তু নষ্ট কৰে৷ ধানৰ থোকবোৰ ছিঙি দলিয়াই দিয়ে৷ গাখীৰতি হৈ থাকোতেই আকৌ ধানো খায়৷
মাটিৰ তলৰ খেতিও খুচৰি খুচৰি নষ্ট কৰিছে বান্দৰে৷ আলু-সৰিয়হ সকলো খেতি ধ্বংস কৰিলে৷ নহৰু গোট হ’বলৈয়েই নাপায়৷ অমিতা বৰ্তমান গাঁৱত বিচাৰি পাবলৈ নাই৷
মুঠতে গঞাই কিবা এটা খেতি কৰা দুপইচা উপাৰ্জন কৰাৰ কোনো উপায়েই নাই৷ সংখ্যা বৃদ্ধিৰ ফলত যে বান্দৰৰ উৎপাতো বাঢ়িছে বুলি আমি কোৱা কথাটোৱেই সত্য প্ৰতিপন্ন হৈছে৷
সেয়ে উপায়ন্তৰ হৈ চৰকাৰে পাতিবলৈ ওলাইছে মাংকী পাৰ্ক৷ মানুহ উলিয়াই বান্দৰে শিৱসাগৰ, গোলাঘাট, নগাঁও আৰু শোণিতপুৰৰ বিভিন্ন অঞ্চলত বান্দৰৰ উৎপাত ইমানেই বাঢ়িছে যে চৰকাৰে মাংকী পাৰ্কৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷
এই পাৰ্কক বান্দৰ আছুতীয়া এলেকা হিচাপে গঢ়ি তোলা হ’ব৷ প্ৰথমে ডিব্ৰুগড়ত পতা হ’ব মাংকী পাৰ্ক৷ পৰীক্ষামূলকভাৱে ৰাজগড়ৰ দাঁতি-কাষৰীয়া এলেকাত বান্দৰৰ বাবে সুকীয়া অৰণ্য সংৰক্ষণ কৰা হ’ব৷
ডিব্ৰুগড়ৰ গ্ৰামাঞ্চলত ঘূৰি ফুৰা বান্দৰ ধৰি এই পাৰ্কত ভৰাব চৰকাৰে৷ অৰ্থাৎ সৰ্বত্ৰ ক্ষতি কৰি ফুৰাৰ সলনি এঠাইতে বান্দৰৰ জাকক বন্দী কৰি ৰখাৰ চেষ্টা চলাব৷