৯০ দিনৰ আৰাম নেকি?

এইকেইদিন বাৰুকৈ ওলাই আছে নিলম্বনৰ কথাএজন পিতৃহাৰা ছাত্ৰক দুৰ্দান্ত প্ৰহাৰ কৰা দাৰোগা ভাৰ্গৱ বৰবৰাক ছাছপেণ্ড কৰা বাবে একাংশই জিপি সিঙক প্ৰশংসা কৰিছে৷ তাৎক্ষণিক সিদ্ধান্তৰ বাবে ডিজিপি হৈ পৰিছে নেটিজেনৰ প্ৰশংসাৰ পাত্ৰ৷ কিন্তু আচলতে আৰক্ষীৰ নিলম্বন মানে কি? নিলম্বিত হৈ থকা সময়ছোৱাত আৰক্ষী বিষয়া কি শাস্তিৰ সন্মুখীন হয়?আৰক্ষী মেনুৱেল অনুসৰি নিলম্বনৰ সৰ্বাধিক সময়সীমা হৈছে ৯০ দিন অৰ্থাৎ আৰক্ষীৰ উপৰি যিকোনো চৰকাৰী কৰ্মচাৰীক সৰ্বাধিক ৩ মাহৰ বাবে নিলম্বিত কৰি পদ আৰু কাৰ্যালয়ৰ পৰা আঁতৰাই ৰাখিব পাৰি৷ এই সময়ছোৱাত নিলম্বিত কৰ্মচাৰীয়ে দৰমহা পায়৷ তেওঁ মুঠ বেতনৰ ৭০ শতাংশ ধন পাই থাকে অৰ্থাৎ নিলম্বনৰ শাস্তি হিচাপে ৩০ শতাংশ ধন চৰকাৰে কৰ্তন কৰে বিভাগীয় তদন্তত নিৰ্দোষ প্ৰতিপন্ন হ’লে বিষয়াজনৰ অৱশিষ্ট  বকেয়াও চৰকাৰে ওভতাই দিয়েপ্ৰফুল্ল মহন্তৰ শাসনকালত তেতিয়াৰ বান নিয়ন্ত্ৰণ বিভাগৰ এজন শীৰ্ষ অভিযন্তাক চৰকাৰে নিলম্বিত কৰিছিল৷ কিন্তু টকা খাই সন্মুখীন হোৱা নিলম্বনৰ বাবে ঘৰত আৰাম কৰিবলৈ সুবিধা পোৱা বুলিহে ফিতাহি মাৰিছিল বিষয়াজনে৷ জিৰণিৰ সময়ছোৱাত ঘৰত দুখন ছাদ ঢালিছিল তেওঁ৷ গতিকে এয়াই হৈছে নিলম্বন ৯০ দিনৰ আৰাম

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial