ছোৱালীবোৰ পলাই যোৱাৰ বতৰ আহিল কংসৰ কাৰাগাৰে হৰি…বুলি ৰাসত যেতিয়াই বাজিব, তেতিয়াই নিজৰ ঘৰখন কাৰাগাৰৰ দৰেই লাগে অসমৰ এচাম যুৱতীৰ মৰমীয়াল দেউতাকক কালকেতুৰ দৰেই লাগিবলৈ ধৰে তেওঁলোকৰ৷ ঘনাই মনত পৰে কৃষ্ণলৈ ফলত ৰাস শেষ হোৱাৰ পিছতে ছোৱালীৰ পৰা  তেওঁলোক হৈ যায় বোৱাৰীঅৱশ্যে আজিকালি কেৱল ছোৱালীয়েই নহয়, সৰ্বাধিকসংখ্যক বোৱাৰীয়েও শৰৎ কালৰ বিতোপন ৰাত্ৰিতে সলাই লয় দৰাএই কথাটো আমি কোৱা নাই, পৰিসংখ্যাইহে কৈছে৷ বিগত কেবাবছৰীয়া পৰিসংখ্যাই নিশ্চিত কৰিছে, শৰৎ কালতে বৃন্দাবনৰ গোপী হৈ ৰাসত নচাৰ পিছত অসমত সৰ্বাধিকসংখ্যক ছোৱালী প্ৰেমিকৰ সৈতে পলাই যায় ৰাসৰ বতৰত প্ৰেমিকৰ সৈতে ছোৱালীবোৰ পলোৱাৰ ঘটনা বেছিকৈ উজনিতে হৈছে যোৱাবাৰ ধেমাজি, শিৱসাগৰ আৰু গোলাঘাটত ৰাসৰ পিছত ৰাতিয়েই প্ৰেমিকৰ সৈতে ৬৯৭ গৰাকী ছোৱালীয়ে পলায়ন কৰিছিল তেওঁলোকৰ পৰিয়ালে থানা আৰু গাঁওৰক্ষীক গোচৰো দিছিল৷ তদুপৰি ৰাসৰ বতৰত প্ৰেমিকৰ সৈতে যোৱাবছৰ  পলাইছিল ১৮৩ গৰাকী বোৱাৰ অৱশ্যে আমি কৈ থকা পৰিসংখ্যা পৰিয়ালে দিয়া গোচৰ অৰ্থাৎ নথিভুক্ত তথ্যৰ আধাৰতহেস্থানীয় পৰিসংখ্যা ইয়াতকৈ বেছি ঘৰৰ অমতত প্ৰেমিকৰ সৈতে ছোৱালী পলোৱাৰ ঘটনা শৰৎ কালৰ নিশাই বেছিকৈ সংগটিত হৈছে একেদৰেই স্বামী আৰু সন্তানক এৰি গোপীৰ সাজেৰেই পলাইছে বোৱাৰী

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email