আপোনাৰ অথবা মোৰ দৰে সাধাৰণ মানুহে এদিনতে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈয়েই সময়মতে ঘূৰি আহিব নোৱাৰোঁ৷ আনকি ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ অহা-যোৱাও কষ্টকৰ৷ গতিকে এদিনতে অসম বা ভাৰত ভ্ৰমণৰ কথা আমাৰ বাবে সপোনৰো অগোচৰ৷ ২৪ ঘণ্টাত পৃথিৱীৰ চৌদিশে বিচৰণৰ সপোনো আমি নেদেখো৷ পিছে আমি সপোনতো নেদেখা কথাটোৱেই দিঠক কৰিছে এলন মাস্কে মাৰ্কিন ধনকুবেৰজনে এদিন নহয়, এঘণ্টাৰ ভিতৰতে পৃথিৱী ভ্ৰমণৰ দৰে অসাধ্যও সাধনেই কৰিছে উৰি যোৱা ৰকেট আকৌ লঞ্চপেডত সোমোৱাটো সম্ভৱ কৰি তোলা মাস্কে এইবাৰ সাজিছে এখন বিশেষ যান যিখনৰ গতি বতাহ আৰু শব্দতকৈ কেবাগুণে বেছি৷ চাবলৈ গ’লে মাস্কৰ স্পেচএক্সে সাজি উলিওৱা যানখনৰ বেগ মানুহৰ মনৰ সমানেই স্পেচএক্সে তৈয়াৰ কৰি থকা যানখনৰ উদ্দেশ্য হৈছে ক্ষণিকৰ বাবে সমগ্ৰ পৃথিৱীৰ সম্পৰ্ক স্থাপন কৰা ষ্টাৰশ্বিপ নামৰ বিশেষ যানখনত বহিলে এঘণ্টাৰ ভিতৰত বিশ্ব ভ্ৰমণ সম্ভৱ হব বুলি দাবীও কৰিছে মাস্কে৷ গতিকে তেওঁ আজি এক্সত আপলোড কৰিছে সেইখন যানৰ উৰণৰ ভিডিঅ’আৰ্থ টু আৰ্থ স্পেচক্ৰাফট নামৰ পৰিকল্পনাৰ আধাৰত নিৰ্মিত যানখন শক্তিশালী ৰকেটৰ জৰিয়তে পৰিচালিত হবমানুহৰ লগতে সামগ্ৰীও কঢ়িয়াব পৰা যাব এইখন যানত৷ তদুপৰি ষ্টাৰশ্বিপ যানে পৃথিৱীৰ কক্ষপথৰ উপৰি চন্দ্ৰ আৰু মঙললৈয়ো মানুহক কঢ়িয়াই নিব পাৰিব পৃথিৱীৰ সবাতোকৈ শক্তিশালী লঞ্চপেডৰ পৰা উৰিবলগীয়া যানখনে কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণতো সহায় কৰিবতদুপৰি চন্দ্ৰতো ঘৰ সাজিবলৈ বস্তু নিব পৰা যাব মাস্কৰ জাহাজেৰে৷ ষ্টাৰশ্বিপৰ জৰিয়তে জাপানৰ পৰা দিল্লীত মাত্ৰ ২৯ মিনিটৰ ভিতৰতে উপস্থিত হব পৰা যাব সেইহিচাপেৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰাৰ বাবে লাগিব ১ মিনিট