কুৰেছীৰ পকেটত অসমীয়াৰ পইচা

মাংস অসমীয়াই খাই পইচা কিন্তু পাই উত্তৰ প্ৰদেশৰ কুৰেছীয়ে৷ কচাইখানাত বিক্ৰী হোৱা ৮০ শতাংশ খাহী মাংসৰ পইচা  অসমৰ বাহিৰলৈ ওলাই যায় গড় হিচাপত সদায় অসমলৈ আহে কমেও ১২০০ ছাগলী৷ এইবোৰ ছাগলী পঠিয়াই  উত্তৰ প্ৰদেশৰ কুৰেছি নামৰ ব্যৱসায়ীয়ে অসমলৈ নিৰ্ধাৰিত সময়ত আহি থাকে খাহী ছাগলীৰ গাড়ী লোকেল ছাগলী বুলি এইবোৰৰ মাংসই খুৱাই কচায়ে৷ বিশেষকৈ গুৱাহাটীৰ উপৰি নামনি অসমত বিক্ৰী হোৱা প্ৰায়বোৰ খাহী ছাগলীয়েই  বৰ্হিৰাজ্যৰ পৰা আহি আছে মাহিলী হিচাপত খাহী ছাগলীৰ নামত অসমৰ পৰা ওলাই  গৈছে ৩০০ কোটি টকা যিহেতু হাইব্ৰীড জাতৰ ছাগলী ডাঙৰ হয় সেয়ে কচায়ে অধিক মাংসও বিক্ৰী কৰিব পাৰে সেয়ে কচায়ে লোকেল ছাগলীৰ সলনি বাহিৰৰ খাহী ছাগলী কিনিবলৈ ইচ্ছা কৰে ডিব্ৰুগড় আৰু যোৰহাটলৈয়ো প্ৰায়ে আহে কুৰেছীৰ ছাগলী গুৱাহাটীৰ ৮০ শতাংশ কচাইখানাতে আচলতে উত্তৰ প্ৰদেশৰ ছাগলীৰ  মাংসই বিক্ৰী কৰা হয় গতিকে অসমীয়াৰ জুতিৰ জহত বাহিৰলৈ ওলাই যায় পইচা ৰাজ্যৰ খাহী ছাগলীয়ে মাংসৰ ২০ শাংশ চাহিদাও পূৰণ কৰিব নোৱাৰে কিন্তু খাওতা দিনে দিনে বাঢ়িছে৷ সেয়ে বাঢ়িছে বাহিৰলৈ  ওলাই যোৱা পইচাৰ পৰিমাণ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial