হিন্দু প্ৰেমিকৰ সৈতে ব্ৰেক-আপ কৰিলে জেৰিন খানে৷ হিন্দু বাবেই শিৱাশিস মিশ্ৰৰ সৈতে সংসাৰ নকৰিবলৈ জেৰিনে ল’লে সিদ্ধান্ত৷
বলীউডৰ অভিনেত্ৰী জেৰিন আৰু শিৱাশিসৰ বহুদিনে আছিল প্ৰেমৰ সম্পৰ্ক৷ দুয়ো বান্দ্ৰাতে বহুদিনে কৰিছিল লিভিং টুগেডাৰ৷ পিছে শেষত জেৰিনে শিৱাশিসৰ সৈতে ব্ৰেক-আপ কৰিলে৷
একমাত্ৰ ধৰ্মীয় কাৰণতে জেৰিনে ব্ৰেক-আপ কৰিলে বুলি প্ৰকাশ কৰিছে বলীউডৰ পত্ৰিকাই৷ খবৰ অনুসৰি বিবাহৰ পিছত শিৱাশিসক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ জেৰিনে চৰ্ত দিছিল৷
কিন্তু নিজৰ ধৰ্ম ত্যাগ কৰিব নোৱাৰে বুলি শিৱাশিসে কৈ দিলে৷ সেয়ে আঁতৰি গ’ল জেৰিন৷ আনহাতে পৰিয়ালৰ বাবে জেৰিনে এই চৰ্ত দিয়া বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷
খবৰ অনুসৰি এজন সম্পৰ্কীয় পাকিস্তানী লোকে জেৰিনক হিন্দু যুৱকৰ সৈতে বিবাহত বাধা দিছিল৷ শেষত শিৱাশিসে হিন্দু ধৰ্ম ত্যাগ কৰিলে বিবাহ সম্ভৱ বুলি প্ৰকাশ কৰিছিল উক্ত লোকজনে৷
কিন্তু শিৱাশিসে প্ৰেমিকাৰ বাবে ধৰ্ম ত্যাগ নকৰিলে৷ গতিকে হ’ল ব্ৰেক-আপ৷