আইনৰ পাঠ শিকাব পলাশ ৰঞ্জনে

কেমেৰাত ধৰা পৰিল কাৰণেহে, কিন্তু আগতেও গুণ্ডাগিৰি কৰিছে OC ছাৰ ভাৰ্গৱ বৰবৰাই৷ সৌসিদিনা দীঘলী পুখুৰীৰ আন্দোলনকাৰীকো প্ৰহাৰৰ ধমকি দিচিল ভাৰ্গৱে৷ তেওঁৰ অভ্যাসেই হৈ পৰিছে দুৰ্বলীৰ ওপৰত অত্যাচাৰ৷
দীঘলী পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধিতা কৰি অৱস্থান কৰা প্ৰতিবাদীক অলপতে ধমক দিছিল ভাৰ্গৱ বৰবৰাই৷ নিজকে পাণবজাৰৰ মালিক বুলি ভবা ভাৰ্গৱ সেইদিনা সৰহীয়া ৰাইজৰ বাবে শান্ত হ’বলৈ বাধ্য হৈছিল৷
কিন্তু অকলে পাই নিৰীহ ডেলিভাৰী বয়ক বোন্দাচৰ মাৰি তেওঁ বীৰত্ব প্ৰদৰ্শন কৰিলে৷ এইজন আৰক্ষীয় বিষয়াক কেৱল নিলম্বন কৰিয়েই থৈছে ডিজিপি জিপি সিঙে৷
আনহাতে কটনৰ পিতৃহাৰা ছাত্ৰ জ্ঞানদীপৰ সপক্ষে আজি এখন সংগ্ৰাম ঘোষণা কৰিছে পলাশ ৰঞ্জন বৰুৱা নামৰ লোকজনে৷ বৰুৱাই কৰা ঘোষণা অনুসৰি জ্ঞানদীপক তেওঁ আইনী সাহায্য প্ৰদান কৰিব৷ নিজা উদ্যোগত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগত গোচৰ তৰিবলৈয়ো সিদ্ধান্ত লৈছে পলাশ ৰঞ্জন বৰুৱাই৷
নিৰীহ ছাত্ৰৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা বাহুবলী ভাৰ্গৱৰ গুণ্ডামীৰ আছে কেবাটাও উদাহৰণ৷ কিন্তু এইবাৰ এগৰাকী মহিলাৰ সাহসৰ বাবেহে ফাদিল তেওঁৰ অভদ্ৰামি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email