জগু বেটা পিতৃহাৰা হল, আৰু অপু!

জগু বেটাৰ মালিক আৰু নাইৰামপদ চৌধুৰীৰ ভাৰাতীয়াও আৰু নাইএদিন জগু বেটাৰ মালিকৰ ৰিক্সাৱালা এজনৰ সৈতে কাজিয়া লাগি খং উঠি আছিল তেতিয়াই নিজৰ হোটেলৰ এটা বৰফি ৰিক্সাৱালৰ  মূৰলৈ মাৰি পঠিয়াইছিল মালিকে বৰফিটো মূৰত লাগি ৰিক্সাৱালৰ  কঁপালত তিনিটা চিলাই পৰিছিল ধৰিব পাৰিছেই ন আপোনালোক, আমি কৈ আছোঁ চেণ্টুদাৰ কথাসেই যে কয়- অপুৰেই, ঘবৰাই নযাবি ৰে অপু, ঋতু, ৰামপদ চৌধুৰী আদি বহু চৰিত্ৰক কঢ়িয়াই আগবঢ়া চেণ্টুদা কোন সেয়া আমি নিশ্চয় নতুনকৈ বুজাব নালাগে যাক কব পাৰি স্ৰষ্টাতকৈয়ো মহান সৃষ্টিবৈদূৰ্য বৰুৱাৰ অজস্ৰ কাহিনী আৰু কেবাখনো উপন্যাসৰ নায়ক চেণ্টুদা আমাৰ বাবে নাছিল কি? কূটবুদ্ধিৰ ভঁৰাল চেণ্টুদাই কৰা নাছিল কি?কোনোবোদিনা কয়-চুপ চাল্লা, পিয়ক্কৰ, তোৰ খানদানত কোনোবাই চপ্পল পৰি পাইছে, ঘাণ্টাসেই জগুৰ মালিক আজি হেৰাই গল ৰামপদ চৌধুৰীয়ে কেতিয়াও আৰু চেণ্টুদাক ভাড়া বিচাৰিব নোৱাৰে! বৈদূৰ্য বৰুৱাৰ কাহিনীমতে চেণ্টুদা বয়সস্থ৷ কিন্তু চেণ্টুদাই নিজকে বুঢ়া বুলি নামানে চেম্টুদাৰ ভাষাত তেওঁ পিন্ধে চপৰটিং চোলা,  ওপৰৰ দুটা বুটাম সদায় খোলা কিন্তু ধনী হৈ চেণ্টুদাৰ কেতিয়াও পূৰণ নহল টাটা কোম্পানীৰ জোতা পিন্ধাৰ ইচ্ছা সেই ইচ্ছাটোৰ কথা শুনি অপুৱে অৱশ্যে এদিন কৈছিল ধুৰ টাটা নহয় বাটা চেণ্টুদাই কিন্তু নামানিলে- টাটা বাটা একঘৰৰ দুইভাই, দুই কোম্পানী ইনকাম টেক্স বচোৱাৰ ধাণ্ডা ৰামপদ চৌধুৰীক বাহী ৰুটি যাচি লওক মালিক বুলি কবলৈ চেণ্টুদা আৰু নাই আইলা, বুটল আনিছ বুলি অপুৰ হাতৰ পৰা মদৰ বটলটো থপিয়াই ল’বলৈয়ো  চেণ্টুদা আৰু নাই ৰাৱণ ডাক্টৰৰ ফাৰ্মাচী আৰু অলেখ অধ্যায়ৰ হঠাতে যৱনিকা পৰিল তিনিটুকীয়া চিভিলত চেণ্টুদাৰ দেহাৱসানৰ লগে লগে শেষ হৈ গল কেবাপ্ৰজন্মৰ নায়কজনৰ কাহিনী বিদায় চেণ্টুদা ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial