যুগ-যুগান্তৰে সগৰ্বে থিয় হৈ থকা তাজমহল হেৰাই গলপ্ৰেমৰ অমৰত্বৰ কথা সৰ্বদা সোঁৱৰাই থকা এই সৌধ হৈ পৰিল অদৃশ্য৷ অৱশ্যে তাজমহলত কেন্দ্ৰীয় চৰকাৰে বুলড’জাৰ চলালে বুলি ভুলকৈ নাভাবিব৷ আচলতে দিল্লীৰ প্ৰদূষণৰ বাবেহে অদৃশ্য হৈ পৰিল এই স্তম্ভৰাজধানীত বায়ু ইমানেই গধুৰ হ’ল যে কোনেও মণিবকে নোৱাৰা হল তাজমহলঅনুৰূপভাৱে নৰা দাহনৰ পৰিণতিত পঞ্জাবতো ক্ৰমবৰ্ধিত প্ৰদূষণে অদৃশ্য কৰি পেলালে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ৷ আকাশ ধোৱাচ্ছন্ন হৈ পৰাৰ ফলতে উৰিব নোৱাৰা হল উৰাজাহাজ৷ ক্ৰমবৰ্ধিত দূষণৰ পৰিণতিত আজি দিল্লী হৈ পৰিল বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰপাকিস্তানৰ লাহোৰকো অতিক্ৰমী ভাৰতৰ ৰাজধানী চহৰে এই কলংকৰ অলংকাৰ পিন্ধিলেশেহতীয়া বৈজ্ঞানিক জৰীপ অনুসৰি দিল্লীৰ বতাহত বিষাক্ত দ্ৰব্য অর্থাৎ এ কিউ আইৰ পৰিমাণ হৈছেগৈ ৪২৬৷ যি মাত্ৰা বিশ্ব স্বাস্থ্যৰ সংস্থাৰ অনুমোদিত হাৰতকৈ কেবাশ গুণে বেছি৷ বায়ুমণ্ডলে হিটলাৰৰ গেছ চেম্বাৰৰ ৰূপ লোৱা বুলিয়েই বৈজ্ঞানিক নিশ্চিতি দিছে বিশেষজ্ঞই৷ শতিকা পূৰ্বে নাজি শাসকে যেনেদৰে ইহুদী জনতাক বিষাক্ত গেছভৰ্তি বন্ধ কোঠাত সুমুৱাই শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল সেইদৰেই ৰাজধানীৰ গৰ্বত ওফন্দি থকা মহানাগৰিকৰ বুকুত আৰম্ভ হৈছে জ্বলা-পোৰা-উপায়ন্তৰ হৈ পোৰণিত চকু জপাই থবলগীয়া হৈছে পথাচাৰীয়ে৷