বৰ বেছি দিনৰ কথাও নহয়, নৰেন্দ্ৰ মোদীৰ বিহাৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল নীতিশ কুমাৰে৷ মঞ্চতো কৰমৰ্দন কৰিবলৈ বিচৰা নাছিল মোদীক৷ মিত্ৰদল হ’লেও বিজেপিৰ সমাৱেশত মোদীক বৰ্জন কৰিছিল নীতিশ কুমাৰে৷ সেই সময় আৰু এই সময়ৰ মাজত কিন্তু আছে ডাঙৰ তফাৎ৷
এতিয়া মোদীক ভৰি চুই সেৱা কৰিবলগীয়া হৈছে নীতিশে৷ বিহাৰৰ মুখ্যমন্ত্ৰীয়ে তাকো লুকাই প্ৰধানমন্ত্ৰীৰ চৰণ স্পৰ্শ কৰা নাই৷ সকলোৰে সন্মুখতে মোদীক সেৱা কৰিছে নীতিশে৷ পাটনাৰ জনসভাত আজি যি দৃশ্য ৰাইজৰ দৃষ্টিগোচৰ হ’ল, সেয়া এদশকৰ পূৰ্বে সকলোৰে বাবে আছিল অসম্ভৱ৷ আনকি এবছৰৰ পূৰ্বেও কোনেও অনুমানেই কৰিব পৰা নাছিল নীতিশৰ দুৰৱস্থা৷
পিছে ৰাজনীতিত কোনেও নভবাটোৱেই হয়, এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল৷ ফলত মোদীৰ ভৰিত লাংখাই পৰিল নীতিশ৷ শেহতীয়াকৈ বিহাৰৰ বাবে ১২ হাজাৰ কোটিটকাৰ আঁচনি ঘোষণা কৰিবলৈ পাটনাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী৷ সেই সমাৱেশত দাৰভাংগা এইমছকে ধৰি বিহাৰক একাধিক প্ৰকল্প মোদীয়ে উপহাৰ দিলে৷
পিছে সমাৱেশৰ বাবে মঞ্চত উপস্থিত হৈয়েই নীতিশে স্পৰ্শ কৰিবলৈ উদ্যত হ’ল প্ৰধানমন্ত্ৰীৰ চৰণ৷ তেওঁৰ আচৰণত কিছু ক্ষণ অৱশ্যেই হতচকিত হৈ থাকিল মোদী৷ কিন্তু তলমূৰ কৰা নীতিশক উঠাই মোদীয়ে বাধা দিলে৷ অৱশ্যে নীতিশৰ তৈলমৰ্দনৰ এই ছবিখন নতুনো নহয়৷
বিগত সময়ত দিল্লীত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ সময়তো মোদীৰ ভৰি চুই সেৱা কৰিছিল বিহাৰৰ মুখ্যমন্ত্ৰী৷ এবাৰ পাটনাতে অনুষ্ঠিত সভাত মোদীৰ আঙুলি মালিচ কৰিছিল নীতিশে৷ কিন্তু আজিৰ ঘটনাই ৭৩ বছৰীয়া নেতাজনৰ মৰ্যাদা সম্পূৰ্ণ ধূলিস্যাৎ কৰি দিলে৷