এটা থ’লেই দুটা- অৰ্থাৎ এক কা ডাবল
এয়া আছিল অনুৰাধা চিটফাণ্ডৰ কথা
ফিৰ হেৰাফেৰিৰ অনুৰাধাৰূপী বিপাশা বসুক সম্ভৱ আপোনালোকে পাহৰা নাই৷ কিন্তু এইবাৰ অসমতো ওলাইছে সেইগৰাকী অনুৰাধাৰ দৰে যুৱতী৷ যাৰ নাম আল্পনা দাস৷
অনুৰাধাৰ দৰেই অফিচ খুলি পইচা ডাবল কৰাৰ বুদ্ধিৰে তেওঁ গুৱাহাটীতে খুলি লৈছিল AD STOCK৷ নিজৰ নামৰ অনুসৰিয়েই আল্পনাই AD STOCK আৰম্ভ কৰিছিল৷
অৱশ্যে ঠগবাজীৰ প্ৰশিক্ষণ আগতেই লৈছিল আল্পনাই৷ তেওঁ পূৰ্বে আছিল দীপাংকৰ বৰ্মন নামৰ প্ৰবঞ্চকটোৰ মেনেজাৰ৷
সেই শিক্ষা অনুসৰিয়েই আল্পনাই তিনিমাহত পইচা ডাবল কৰাৰ চুক্তিৰে গ্ৰাহকৰ পৰা কোটি কোটি টকা কালেকশ্যন কৰিছিল৷
হেঙেৰাবাৰীত অফিচ পতা আল্পনা কিন্তু ফিৰ হেৰাফেৰিৰ অনুৰাধাৰ দৰেই গায়ব হৈ গ’ল৷ গ্ৰাহকে বৰ্তমান বিচাৰি নোপোৱা হ’ল আল্পনাক৷
ইমানবোৰ হুলস্থুলৰ মাজতো লুকাই থাকিবলৈ সক্ষম হোৱা আল্পনাই মাৰি নিলে কোটিৰ ঘৰত টকা৷ তেওঁৰ গ্ৰাহকৰ ভিতৰত আছে বৰ্হিৰাজ্যৰ লোকো৷ ১৩ পাৰ্চেণ্ট লাভ দিয়াৰ লোভত ধন লোৱা আল্পনাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰো চৰা হৈছে৷
কিন্তু এইবাৰো আগৰ দৰেই পৰিস্থিতি যে হ’ব সেয়া খাটাং৷ গতিকে ক’ব পাৰি- বেতনিত ঔ পৰিল, বাসুদেৱায় নমঃ