পৰিচয় পত্ৰ সাংবাদিকৰ টকা ছপোৱা মেচিন!

ডাঙৰ কথা এটা ক’বলৈ ওলাইছোঁ৷ মন কৰিবচোন, ৰাজনৈতিক সংঘাতৰ বলি হৈছে অসমৰ সাংবাদিক৷ বিশেষকৈ মফচলীয় একাংশ সাংবাদিকক ৰাজনৈতিক গুণ্ডাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷
উপ-নিৰ্বাচনৰ হিংসাৰ সময়ত এনে ঘটনা বাঢ়িছে৷ কিন্তু প্ৰশ্ন হয়- দুৰ্বৃত্তই কিয় লক্ষ্য কৰি লৈছে নিৰ্দিষ্ট সাংবাদিকক?
বেছিবাগ বুলি কোৱাৰ ধৃষ্টতা আমি নকৰোঁ, কিন্তু সত্য কথাটো হৈছে ৰাজনৈতিক নেতাৰ চামচাত পৰিগণিত হৈছে ৰাজ্যৰ এচাম সাংবাদিক৷ চেনেল অথবা প’ৰ্টেলৰ বুম আৰু বাতৰি কাকতৰ আইডেণ্টিটী কাৰ্ড তেওঁলোকৰ বাবে হৈ পৰিছে যাদুদণ্ড৷
সেইসকলে মফচলীয় সাংবাদিকতা কৰিয়েই কোৰোণাৰে ধন চপাইছে৷ সাজিছে প্ৰসাদোপম ঘৰ৷ সমষ্টিৰ বিধাযকৰ খাচ মানুহ হৈ পত্নীক চাকৰি দিছে৷
বাতৰিৰ ছিণ্ডিকেট খুলি সেইসকলে ধন উপাৰ্জন কৰিছে৷ সেইসকলৰে এজন সাংবাদিকে ৰাজ্যৰ এজন নেতাৰ চৰণ স্পৰ্শ কৰি সেৱা কৰাৰ ভিডিঅ’ৱো বিগত সময়ত প্ৰচাৰিত হৈছিল৷
কাৰোবাক আক্ৰমণ কৰাটো স্বাভাৱিকতে গৰ্হিত৷ কিন্তু প্ৰকৃত কথাটো হৈছে কেইজনমান সাংবাদিকো ধোৱা তুলসীৰ পাত নহয়৷
তেওঁলোকে ইতিমধ্যে এটা বিশেষ পক্ষৰ বুলি পৰিচিতি অৰ্জন কৰিছেই, সেয়ে হিংসাৰ সময়ত তেওঁলোক হৈ পৰিছে আক্ৰমণৰ লক্ষ্য৷ এতিয়া মাত্ৰ কৈ থওঁ- পিকছাৰ অভী বাকী হ্যে…

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email