পশ্চিমবংগও হিমন্ত বিশ্বৰ হাততে দিলে মোদীয়ে

হিমন্ত বিশ্ব শৰ্মাৰ সমান কোনো নহয়
এতিয়া সেইদৰেই ভাবিবলৈ লৈছে নৰেন্দ্ৰ মোদীয়ে৷ সেয়ে ঝাৰখণ্ডৰ নিৰ্বাচন সমাপ্তিৰ দিশে আগবাঢ়িলেও আহৰি নাপাই হিমন্ত বিশ্ব শৰ্মাই৷ নৰেন্দ্ৰ মোদীৰ কিচ্ছেন কেবিনেটৰ সদস্য হৈ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ হাতত চমজাই দিয়া হ’ব মহাৰাষ্ট্ৰৰ প্ৰচাৰাভিযানৰ বাঘজৰী৷
তেৱেঁই ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মহাজোঁটৰ হৈ প্ৰচাৰ চলাব লাগিব৷ ঝাৰখণ্ডত প্ৰায় অকলেই বিজেপিৰ সপক্ষে আলোড়নৰ সৃষ্টি কৰা হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰত হ’ব দলটোৰ ট্ৰাম্পকাৰ্ড৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই আজি সদৰী কৰা অনুসৰি ২০ নৱেম্বৰৰ মহাৰাষ্ট্ৰ নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰাই অভিযান আৰম্ভ কৰিব৷
এই দায়িত্ব তেওঁক দলৰ কাৰ্যনিৰ্বাহকে প্ৰদান কৰিছে৷ ঝাৰখণ্ডত দৰিদ্ৰতাৰ বিষয়কো অতিক্ৰমী বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা ইছ্যুত পৰিণত কৰা শৰ্মাক দলৰ তৰফৰ পৰা দিয়া হৈছে ষ্টাৰ কেম্পেইনাৰৰ মৰ্যাদা৷ গতিকে তেওঁ মহাৰাষ্ট্ৰত এসপ্তাহে অভিযান চলাব৷ ৰাজ্যখনত দলে নিয়োগ কৰা প্ৰভাৰীৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ সভা৷
অৱশ্যে ড: শৰ্মাৰ দায়িত্ব ইয়াতে শেষ হোৱা নাই৷ খবৰ অনুসৰি পশ্চিমবংগত বিজেপিৰ সংগঠন শক্তিশালীকৰণৰো দায়িত্ব তেওঁকে দিয়া হৈছে৷ নিৰ্বাচন জিকিবলৈ নিৰ্ণায়ক নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ বিশ্বাস তেওঁ অৰ্জন কৰিছে৷ আজি বিজেপিৰ সূত্ৰই সদৰী কৰা সম্ভেদ অনুসৰি ঝাৰখণ্ডৰ দলীয় পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈছে শৰ্মা৷
সেয়ে তেওঁক ২০২৬ চনত অনুষ্ঠিতব্য বংগৰ নিৰ্বাচনৰ বাবে এতিয়াৰ পৰা নিয়োজিত কৰা হ’ব৷ ৰাজ্যখনত বৰ্তমান বিজেপিক পৰিচালনা কৰি আছে দিলীপ ঘোষ, সুকান্ত মজুমদাৰ আৰু শুভেন্দু অধিকাৰীয়ে৷ কিন্তু সুকান্ত কেন্দ্ৰীয় মন্ত্ৰী হ’ব বুলিও চলি আছে জল্পনা-কল্পনা৷ গতিকে আগ্ৰাসী সাংগঠনিক অভিযান আৰম্ভ কৰিবলৈ হিমন্ত বিশ্বক কলকাতা প্ৰেৰণৰ নিশ্চিতি দিছে বিজেপিৰ হাইকমাণ্ডে৷
প্ৰাপ্ত তথ্য অনুসৰি পশ্চিমবংগত বুথ পৰ্যায়ৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব লাগিব সাংগঠনিক অভিযান৷ মমতা বেনাৰ্জীৰ পৰা ৰাজ্যখন উদ্ধাৰ কৰিব পাৰিলেও ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্ত বিশ্ব হৈ পৰিব অমিত শ্বাহৰ পৰ্যায়ৰ নেতা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email