ফাকি দিলে কেন্দ্ৰীয় গৃহ বিভাগে৷ পৰিসংখ্যা গোপন কৰিলে চৰকাৰে৷ গৃহ দপ্তৰৰ তথ্য অনুসৰি বিগত এটা দশকৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ অশান্তি হ্ৰাস পাইছে৷ পৰিপ্ৰেক্ষিতত ৮২ শতাংশ কমিছে মৃত্যুহাৰ৷ উগ্ৰপন্থীৰ আক্ৰমণ নতুবা অভ্যন্তৰীণ কন্দলত নিহত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে৷
পিছে প্ৰতিবেদনখনত অন্তৰ্ভুক্ত কৰা হোৱা নাই মণিপুৰত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিসংখ্যা৷ পাহাৰীয়া ৰাজ্যখনৰ ডেৰবছৰে চলি থকা গৃহযুদ্ধসদৃশ পৰিস্থিতিক আওকাণ কৰি গৃহ দপ্তৰে আশ্বৰ্যকৰ তথ্য প্ৰকাশ কৰিছে৷
গৃহ পৰিক্ৰমাৰ ষ্টেণ্ডিং কমিটীৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি ২০১৪ চনৰ তুলনাত অভ্যন্তৰীণ কন্দলৰ ফলত মৃত্যু ঘটা লোকৰ সংখ্যা ৮০ শতাংশকৈয়ো অধিক হ্ৰাস পাইছে৷ বিভাগীয় সচিব গোবিন্দ মোহনে ষ্টেণ্ডিং কমিটীক প্ৰদান কৰা তথ্য মতে ২০১৪ চনতে উত্তৰ-পূবত ২১২ জন অসামৰিক নাগৰিকৰ অপঘাত মৃত্যু হৈছিল৷
কিন্তু শতাধিক উগ্ৰপন্থী সংগঠনে দপদপাই থকাৰ পিছতো ২০২৩ চনত এই সংখ্যা ৩৮লৈ হ্ৰাস পাইছে৷ তদুপৰি এটা দশকৰ ভিতৰত পূৰ্বোত্তৰত সশস্ত্ৰ সংগঠনৰ কুচকাৱাজো ৭১ শতাংশ কমিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ সেই অনুসৰি ২০১৪ চনত উগ্ৰপন্থীয়ে ৮২৩ বাৰ আক্ৰমণ কৰিছিল৷ পিছে ২০২৩ চনত এই সংখ্যা ২৪৩লৈ হ্ৰাস পাইছে৷
সৰ্বোপৰি উত্তৰ-পূৰ্বাঞ্চলত নিৰাপত্তা বাহিনীও ক্ৰমে নিৰ্বিঘ্ন হৈ পৰিছে বুলি সদৰী কৰিছে গৃহ দপ্তৰে৷ প্ৰতিবেদন অনুসৰি ২০১৪ চনত পূৰ্বোত্তৰত কুৰিজন জোৱান উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল৷ ২০২৩ত এই পৰিসংখ্যা ৮ জনলৈ হ্ৰাস হৈছে৷
অৰ্থাৎ ৬০ শতাংশ কমিছে সৈনিকৰ মৃত্যু৷ কিন্তু এই প্ৰতিবেদনত নাই মণিপুৰত নিহত ৫ শতাধিক লোকৰ তথ্য৷ ২০২৩ চনৰ ডিচেম্বৰলৈয়েই ৰাজ্যখনত কুকি-মেইটেইৰ সংঘৰ্ষৰ ফলত ১৫০ অসামৰিক নাগৰিকৰ মৃত্যুৰ সম্ভেদো প্ৰতিবেদনত উল্লেখ কৰা নাই৷