শত্ৰুতাৰ কাৰণ আছে কিন্তু ইতিহাসো আছে আছে ডেৰ লাখটকীয়া ইতিহাস ৰাজ্যৰ ৰাজনীতিত ৰকিবুল হুছেইন শত্ৰুৰ সীমা-সংখ্যা নাই কিন্তু তাৰ ভিতৰত আছে তেওঁৰ দুজন প্ৰধান শত্ৰু সেই দুজনৰ এজন হৈছে অনিল ৰাজা৷ তৰুণ গগৈৰ আমোলৰ দপদপনি নোহোৱা হোৱাৰ পিছত ৰকিবুলক আক্ৰমণ কৰা প্ৰথমজন নেতাই আছিল অনিল ৰাজা৷ নগাঁৱৰ কংগ্ৰেছী নেতাজনে ৰাজহুৱা কৰিছিল ৰকিবুলৰ সম্পত্তিৰ তালিকা৷ অসমৰ ক’ত ক’ত ৰকিবুলৰ ঘৰ মাটি আছে সকলোৰে হিচাপ দিছিল অনিল ৰাজাই৷ কিন্তু ইমানৰ পিছতো অনিল ৰাজাক কেৱল 420 বুলি কৈয়েই ৰহস্যজনক মৌনতা অৱলম্বন কৰিলে ৰকিয়ে আদালতত কে’ছ ঠিকেই তৰিলে, কিন্তু ৰাজাৰ নাম শুনিলেই ৰকিবুলে উচপ খাই উঠে অৱশ্যে ৰাজা আৰু ৰকিবুলৰ শত্ৰুতাৰ ইতিহাস আছে৷ ৰাজাই এবাৰ প্ৰকাশ অনুসৰি পূৰ্বে নগাঁৱৰ পৰা কংগ্ৰেছৰ টিকটত লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত ধনেৰে সহায় কৰিছিল ৰকিবুলে সেইবাৰ ৰাজা হাৰিছিল৷ কিন্তু ভোটগণনা শেষ হোৱাৰ পিছতে ৰাজাক আগভেটি ধৰি ৰকিয়ে কৈছিল- ৰাজাদা, টকা ডেৰলাখ দিবলৈ থাকি গ’ল!
তাৰ পিছত অৱশ্যে ৰকিবুলক ধাৰ মাৰিছিল ৰাজাই কিন্তু পিছলৈ ডেৰলাখ টকায়েই সৃষ্টি কৰিলে ৰকিবুলৰ শত্ৰু
বাজপেয়ী ভৱনৰ হিৰ’ দীপ্লুৰঞ্জন শৰ্মা
