চামগুৰিত হিট অধিকাৰী

কাহিনীটো শুনক লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ সকলো চৰৰ মাতব্বৰকে দিছপুৰলৈ মাতি নিয়া হৈছিল
চৰৰ সম্ৰাটক দিছপুৰত দিয়া হৈছিল বহু প্ৰতিশ্ৰুতি তাৰ ভিতৰত আছিল চৰৰ মিঞাক অৰুণোদয় আৰু আন চৰকাৰী আঁচনি প্ৰদানৰ টোপ লগতে নগাঁৱত বিজেপি জিকিলে চৰৰ মিঞাই মাটিৰ পত্তা পাব বুলিও প্ৰতিশ্ৰুতি দিছিল চৰকাৰৰ বৰমূৰীয়াই তথাপি মিঞাই বিজেপিক ভোট নিদিলে৷ শেষত নগাঁৱৰ মুছলমানৰ ভোট পাবলৈ সৰ্বস্ব উজাৰি দিলে বিজেপিয়ে প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়েও মিঞাক সন্তুষ্ট কৰাৰ চেষ্টা চলালে
ইমানৰ পিছতো বিজেপিৰ প্ৰতি মিঞা সদয় নহ’ল৷ পিছে চামগুৰিতো আকৌ অনুৰূপ ফৰ্মুলাই অৱলম্বন কৰিছে বিজেপিয়ে এইবাৰো মিঞা ৰাজনীতিৰেই ৰকিবুলক ছত্ৰভংগ দিয়াবলৈ হিতাধিকাৰী ফৰ্মুলাই হৈ পৰিছে নিৰ্বাচনী টেকনিক পোনপটীয়াকৈ ক’বলৈ গ’লে চামগুৰিত হিট হৈছে হিতাধিকাৰীৰ ৰাজনীতি উদমাৰী, আমবাৰী আদিৰ মিঞাই বিজেপিৰ সপক্ষে ওলাই আহিছে তেওঁলোকক দীপ্লুৰঞ্জন শৰ্মাক ভোট দিলে মাটিৰ পত্তা আৰু অৰুণোদয় প্ৰদানৰ শপত লৈছে স্থানীয় বিজেপি নেতাই৷ সেয়ে মিঞা মহিলাই হাতত গেৰুৱা পতাকা লৈ শাৰী পাতিছে তেওঁলোকক লাগে চৰকাৰী ধন সেয়ে বিজেপিৰ সমাৱেশ ভৰি পৰিছে মিঞাৰে৷ অৱশ্যে সুৰেশ বৰাৰ দৰেই দীপ্লুৰঞ্জনকো মিঞাই ঠগিব নেকি সেই সন্দেহো মাৰ যোৱা নাই

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial