কোন এই অনিল শইকীয়া?

আচলতে ২০২১ৰ বিধানসভা নিৰ্বাচনত চামগুৰিত ৰকিবুল হুছেইনে ৮১,১২৩টা ভোট লাভ কৰি বিজয়ী হৈছিল। সেইবাৰ প্ৰতিদ্বন্দী হিচাপে থকা বিজেপিৰ অনিল শইকীয়াই লাভ কৰিছিল ৫৫,০২৫টা ভোট। অৰ্থাৎ ২৬,০৯৮টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ৰকিবুল হুছেইন। কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনত চামগুৰিত কংগ্ৰেছে বিজেপিৰ তুলনাত ৪ হাজাৰহে অধিক ভোট পালে৷ তিনিবছৰ পূৰ্বে যিটো বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ ভোটৰ ব্যৱধান ২৬ হেজাৰৰো অধিক আছিল, তাতে ব্যৱধান কমিল প্ৰায় ৩,৬৭৮ টা ভোটলৈ। তাৎপৰ্যপূৰ্ণভাৱে চামগুৰিত লোকসভা নিৰ্বাচনত AIUDFয়েও বিশেষ আধিপত্য বিস্তাৰ কৰিব পৰা নাছিল৷ তথাপি কমিছিল ৰকিবুলৰ ভোট৷ কংগ্ৰেছৰ অধীনত থকা তিনি জিলা পৰিষদত বিজেপিয়ে বেছি ভোট পাইছিল৷ গতিকে সৰ্বশেষ পৰিসংখ্যা ৰকিবুলৰ বাবে হৈ পৰিছে উদ্বেগজনক৷ এইবাৰ নুৰুল হুছেইনৰ দিনৰ পৰাই ৰকিবুলে কৰি অহা ৰাজত্বৰ অন্ত পৰিব বুলিহে অনুমান কৰিব পৰা অৱস্থাৰ সৃষ্টি হৈছে৷ গতিকৈ ভয়ত কঁপিছে ৰকিবুল৷ হয়তো তেওঁৰ পুত্ৰ তাঞ্জিলৰ জিভাত লাগিব পাৰে পৰাজয়ৰ তিতা সোৱাদ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial