মিশ্যন ভৱানীপুৰৰ আৰ্হিৰে চলিছে অভিযান

অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰ হৈ পৰিছিল AIUDFৰ অভেদ্য দুৰ্গ৷ বদৰুদ্দিন আজমলে গঠন কৰাৰ পিছৰ প্ৰতিটো বিধানসভা নিৰ্বাচনতে ভৱানীপুৰত জিকিছিল AIUDF৷ মিঞা ভোটবেংক একত্ৰিত হৈ থকাৰ ফলত ভৱানীপুৰত সহজে জিকিছিল AIUDF৷ অসম আন্দোলনৰ ঘাটীত মিঞা প্ৰাৰ্থী কোনো বাধাই নাছিল৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এটা বেলেগ টেকনিক অৱলম্বন কৰিলে ভৱানীপুৰ উদ্ধাৰৰ বাবে তেওঁ নিয়োগ কৰিলে অখ্যাত দেৱজিৎ শৰ্মা নামৰ এজন পূৰ্বৰ স্বয়ংসেৱক তথা বিজেপি কৰ্মীক৷ ফণীধৰ তালুকদাৰক বিজেপিত সুমুৱাই লোৱা হ’ল৷ কিন্তু তাৰো বহুদিন আগৰ পৰাই দেৱজিৎ শৰ্মাই সমষ্টিটোত গঢ়িলে হিন্দুত্বৰ ভেটি৷ গাঁৱে গাঁৱে সোমাই তেওঁ বিজেপিৰ শাখা গঠন কৰিলে৷ সেই ফল বিজেপিয়ে লাভ কৰিলে
হিন্দু ভোটবেংক অক্ষত হৈ থকাৰ ফলত বিজেপি জিকিল৷ সেই একে ফৰ্মুলাৰে এইবাৰ আগবাঢ়িছে চামগুৰিৰ দীপ্লুৰঞ্জন শৰ্মা৷ মিশ্যন চামগুৰিত বিজেপিৰ শক্তিশালী ভেটি আগতেও আছিল ৰকিবুল যোৱাবাৰো টানত পৰিছিল৷ গতিকে এইবাৰো একত্ৰিত কৰা হৈছে হিন্দু ভোটবেংক৷
মিশ্যন ভৱানীপুৰৰ দৰেই নগাঁৱত চলিছে মিশ্যন চামগুৰি সেয়ে কঁপি উঠিছে ৰকিবু৷ অৱশ্যে ফলাফল কি হয়, সেয়া ফলাফলহে ক’ব

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email