প্ৰেমৰ পিছত পল্লৱক প্ৰতাৰণা

কথাটো হৈছে পল্লৱ লোচন দাস প্ৰতাৰণাৰ বলি হ’ল নেকি? সভাপতিক হৰুওৱাৰ চখ পূৰণ কৰি পল্লৱলোচন দাস প্ৰতাৰিত হ’ল নেকি? অথবা ভাবিবলৈ সকলো বাধ্য হৈছে- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বশক্তিমান নহয় নেকি? কংগ্ৰেছৰ নেতা হিচাপে ২০১১ চনৰ নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তক হৰুৱাই দিছিল পল্লৱে আটছাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লৈয়েই পল্লৱ নামিছিল নিৰ্বাচনত৷ তেতিয়া কিন্তু ৰঞ্জিত দত্তক বিহালীতে বন্দী কৰি ৰাখিবলৈ পল্লৱ সক্ষম হৈছিল৷ সেই পল্লৱেই এইবাৰ বিহালীলৈ নগ’ল সচৰাচৰ ককায়েক হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোৰ দৰেই থকা পল্লৱ এইবাৰ অনুপস্থিত হৈ থাকিল বিহালীত মুখ্যমন্ত্ৰী যোৱাৰ সময়তে এদিন থাকিলেও আন সময়ত পল্লৱে সমষ্টিত প্ৰচাৰ নচলালে গতিকে প্ৰশ্ন হয়- পল্লৱে কিয় বিহালীৰ টিকট আদায় কৰিব নোৱাৰিলে? তেজপুৰৰ সাংসদ পদৰ পৰা ইচ্ছামূলক অৱসৰৰ পিছত পল্লৱ কিয় ৰঞ্জিত দত্তৰ বিৰোধিতাৰ সন্মুখীন হ’ল৷ ইতিকিংসূচক মন্তব্যৰ বাবে নাক কটা গ’ল নেকি পল্লৱৰ? লগতে হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰাৰ পিছতো পল্লৱক টিকট দিব নোৱাৰিলে নেকি বুলি উত্থাপন হৈছে প্ৰশ্ন৷ এই প্ৰশ্নবোৰ অৱশ্যেই উত্তৰবিহীন

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial