অমিত শ্বাহে কাঢ়ি ল’ব মাটি

অসমৰ পৰাও বিজেপিয়ে খেদিব বাংলাদেশী তাৰ বাবে কমিটী গঠন কৰা হ’ব কোনো সাৰি নাযায়৷ উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে বিচাৰি উলিয়াই চিনাক্ত কৰিব বাংলাদেশী যাৰ প্ৰতিবেদনৰ ভিত্তিত অনুপ্ৰৱেশকাৰীক বিতাৰণ কৰা হ’ব৷ দেশ বাংলাদেশীমুক্ত কৰিবলৈ চৰকাৰে শীঘ্ৰে নতুন প্ৰণালীৰ সংযোজন কৰিব ঝাৰখণ্ডত এই প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ অম্তিম মুহূৰ্তত ৰাজনৈতিক মাষ্টাৰষ্ট্ৰ’কেৰে অমিত শ্বাহে দিলে আৰু এটা নিৰ্ণায়ক প্ৰতিশ্ৰুতি তদানুসৰি পৰৰাষ্ট্ৰৰ পৰা অবৈধভাৱে প্ৰব্ৰজন কৰি জনজাতীয় কন্যাৰে বিবাহ কৰা লোকে আগলৈ ভূমিৰ অধিকাৰ নাপায় যদি আদিবাসী যুৱতীয়ে অনুপ্ৰৱেশকাৰীৰ সৈতে সংসাৰ কৰাটো প্ৰমাণিত হয় তেন্তে মাটিৰ পত্তাৰ পৰা সেইগৰাকী মহিলাৰ নাম কৰ্তন কৰা হ’ব অৰ্থাৎ কাঢ়ি লোৱা হ’ব ভূমিৰ মালিকীস্বত্ত্ব৷ এই নীতি ৰূপায়ণৰ অৰ্থে আইন প্ৰণয়নৰো ঘোষণা কৰিছে অমিত শ্বাহে ছৰাইকেলাত প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ হৈ প্ৰচাৰ চলোৱা গৃহমন্ত্ৰীয়ে প্ৰচাৰৰ শেষ সময়ছোৱাত পিছে বাংলাদেশীৰ বিৰুদ্ধে সৰ্বাত্মক অভিযানৰ অংগীকাৰ কৰিছিল৷ তেওঁ কৰা ঘোষণা ৰাজনৈতিকভাৱে শক্তিশালী হিচাপে পৰিগণিত হৈছে কাৰণ গৃহমন্ত্ৰীয়ে ঝাৰখণ্ডত প্ৰৱৰ্তনৰ ঘোষণা কৰা নিয়ম অমসতো প্ৰয়োজনীয় বুলি দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে দাবী আনহাতে বাংলাদেশী প্ৰব্ৰজনৰ বাবে সবাতোকৈ পীড়িত ৰাজ্য যে অসমেই সেয়াও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰমাণিত হৈছে গতিকে অসমৰ বাবেও গুৰুত্বপূৰ্ণ বিবেচিত এই প্ৰতিশ্ৰুতি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial