খাই পাত ফলা কোন বুলি সুধিলে বাংলাদেশী মুছলমানলৈয়েই আঙুলিয়াই দিব পাৰি৷ সঁচা অৰ্থতে বৰ্তমান বাংলাদেশৰ মুছলমান পৰিগণিত হৈছে খাই পাত ফলা বুলি৷ যেতিয়া বাংলাদেশ স্বাধীন হৈছিল তেতিয়া আৰম্ভ হৈছিল ভয়ংকৰ দুৰ্ভিক্ষ৷ সেই সময়ত খাবলৈ নোপোৱা বাংলাদেশৰ জনতাক আহাৰ দিছিল ইস্কনে৷ ঢাকাস্থিত ইস্কন মন্দিৰে মুছলমানক খাদ্য যোগান ধৰিছিল৷ দিনে ২ লাখ মানুহক ভাত খুৱাইছিল হিন্দু মন্দিৰে৷ সেই ইস্কন মন্দিৰকে নিষিদ্ধকৰণৰ দাবী তুলিছে বাংলাদেশৰ মুছলমানে৷ ইস্কনক বাংলাদেশ বিৰোধী হিচাপে অভিহিত কৰি নিষিদ্ধকৰণৰ দাবী তুলিছে৷ মৌলবাদীয়ে ঢাকাত উলিয়াইছে সমদল৷ চৰকাৰক ইস্কনৰ মন্দিৰত তলা লগাবলৈয়ো একপ্ৰকাৰ নিৰ্দেশ দিছে মুছলমানে৷ কেৱল সেয়াই নহয়, বাংলাদেশৰ শেহতীয়া বানৰ সময়তো মুছলমানক খাদ্য দিছিল ইস্কনে৷ ভোকাতুৰ নাগৰিকক ইস্কন মন্দিৰে নিজা ধনেৰে আহাৰৰ টোপোলা যোগান ধৰিছিল৷ খাবলৈ নোপোৱা সময়ত সকলোকে ইস্কনৰ তৰফৰ পৰা আহাৰ দিয়া হৈছিল৷ বিপদৰ সময়ত প্ৰাণ ৰক্ষা কৰা ইস্কনকে নিষিদ্ধকৰণৰ বাবে আন্দোলন কৰিছে বাংলাদেশৰ মৌলবাদীয়ে৷ গতিকে খাই পাত ফলাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি হ’ব পাৰে?