বহুদিনেই হ’ল, বেটত ৰান পোৱা নাই কে এল ৰাহুলে
দলত স্থান পাইছে, কিন্তু কাম্য সফলতা তেওঁ পোৱা নাই৷ পিছে বেয়া দিনতে ভাল খবৰ দিছে কে এল ৰাহুলে৷ পত্নী আথিয়া ছেট্টী গৰ্ভৱতী বুলি অনুৰাগীক সংবাদ দিছে ক্ৰিকেটাৰজনে৷
ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাহুলে দিয়া খবৰ অনুসৰি গৰ্ভধাৰণ কৰিছে পত্নী আথিয়া ছেট্টীয়ে৷ বলীউডী অভিনয়ৰ কেৰিয়াৰ সামৰি বিবাহত আবদ্ধ হোৱা আথিয়া বৰ্তমান অন্তঃসত্ত্বা৷
সুনীল ছেট্টীৰ কন্যা আথিয়ায়ো গৰ্ভাৱস্থা নিশ্চিত কৰিছে৷ দম্পতিয়ে ইনষ্টাগ্ৰামত দিছে সম্ভাৱ্য সন্তানলাভৰ সংবাদ৷
তাৰ পিছতো অৱশ্যে পত্নীক সময় দিব পৰা নাই কে এল ৰাহুলে৷ বেটত ৰান নোপোৱাৰ বাবে জাতীয় দলৰ পৰা বিহাৰ হোৱাৰ আশংকা হৈছে ৰাহুলৰ৷
সেয়ে ফৰ্ম ঘূৰাই পাবলৈ এ দলৰ হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছেগৈ ৰাহুলে৷ কিন্তু জুনিয়ৰ দলৰহৈ খেলিও বিফল হৈছে ৰাহুল৷
সৰহীয়া ৰান কৰিবলৈ সক্ষম নোহোৱাৰ বাবে ক্ৰিকেটপ্ৰেমীৰ ট্ৰ’লিঙৰ চিকাৰ হৈছে কে এল ৰাহুল৷ কিন্তু বেয়া সময়ত পৰিয়াল বঢ়াবলৈ প্ৰস্তুত হৈছে ৰাহুল আৰু আথিয়া৷